ভাৰতীয় দলৰ ডাঙৰ বিপৰ্যয়, গোৰোহাৰ আঘাতৰ বাবে মহিলা টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল শ্ৰেয়াংকা পাটিল
নতুন দিল্লী, ১৯ জুন (হি.স.)। আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ পূর্বে ভাৰতীয় মহিলা ক্ৰিকেট দলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁৰ ঠাইত ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে যুৱ লেগ স্পিনাৰ প্ৰেমা ৰাৱটক। বুধবাৰে হেডিংলেত নেদাৰলেণ্ডৰ বিৰুদ্ধ
चोटिल श्रेयंका पाटिल को मैदान से बाहर ले जाते कर्मी


নতুন দিল্লী, ১৯ জুন (হি.স.)। আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ পূর্বে ভাৰতীয় মহিলা ক্ৰিকেট দলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁৰ ঠাইত ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে যুৱ লেগ স্পিনাৰ প্ৰেমা ৰাৱটক।

বুধবাৰে হেডিংলেত নেদাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলৰ সময়তে আঘাতপ্ৰাপ্ত হয় শ্ৰেয়াংকাই। পাৱাৰপ্লেৰ ফাইনেল অভাৰত বল এটা ৰখাবলৈ চেষ্টা কৰি থাকোঁতে তাইৰ ভৰিৰ গোৰোহাটো পেচোৱাত লগে লগে খেলপথাৰৰ পৰা উলিয়াই দিয়া হয়।

শুকুৰবাৰে প্ৰতিযোগিতাখনৰ কাৰিকৰী সমিতিয়ে শ্ৰেয়ংকাৰ সলনি ২৪ বছৰীয়া প্ৰেমা ৰাৱটক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুমোদন জনায়।

প্রেমা ৰাৱটে এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাব পৰা নাই যদিও ঘৰুৱা ক্ৰিকেট আৰু মহিলা প্ৰিমিয়াৰ লীগত তেওঁৰ প্ৰদৰ্শনে নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। বিগত দুটা ছিজনত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ মহিলা প্ৰিমিয়াৰ লীগৰ ৬খন মেচ খেলি তিনিটা উইকেট দখল কৰিছে।

ঘৰুৱা ক্ৰিকেটতো প্ৰেমাই চিনিয়ৰ মহিলা চেম্পিয়নশ্বিপত উত্তৰাখণ্ডৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বলিঙৰ লগতে বেটিং আৰু ফিল্ডিং দুয়োটা দিশতে অৰিহণা যোগাব পৰা এগৰাকী স্বাভাৱিক অল আৰউণ্ড খেলুৱৈ হিচাপে গণ্য কৰা হয়।

অৱশ্যে শ্ৰেয়ংকাৰ অনুপস্থিতি ভাৰতৰ বাবে এক উল্লেখযোগ্য লোকচান বুলি বিবেচিত হৈছে। চোকা ফিল্ডিং ক্ষমতাৰ উপৰিও বিশেষকৈ বাওঁহাতৰ বেটছমেনৰ বিৰুদ্ধে আৰু অন্তিম অভাৰত ভাৰতৰ আক্ৰমণাত্মক বলিং কৌশলৰ মূল উপাদান আছিল।

আইচিচি আৰু আয়োজক প্ৰতিনিধিয়ে আইচিচিৰ মহিলা টি-২০ বিশ্বকাপ ২০২৬ কাৰিকৰী সমিতিত অনুমোদন জনোৱাৰ পিছতহে এই পৰিৱৰ্তন আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হৈছিল।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande