
শোণিতপুৰ, ১৯ জুন (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰত ট্ৰান্সফৰ্মাৰত বিদ্যুতস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু।
শোণিতপুৰ চাৰিদুৱাৰত হৃদয়বিদাৰক ঘটনা। ইলেক্ট্ৰিক ট্ৰান্সফৰ্মাৰত লাগি বন্যহস্তীৰ নিধন। চাৰিদুৱাৰ চেণ্টাৰত সংঘটিত হৈছে উক্ত ঘটনা। চাৰিদুৱাৰ স্থিত এএছইবি ৰ এটা ট্ৰান্সফৰ্মাৰত লাগি নিধন হৈছে হাতীটো।
লগতে চেণ্টাৰৰ কেইবা খনো ব্যৱসায় প্ৰতিষ্ঠানত ক্ষতিসাধন কৰে বন্যহস্তী টোৱে। ঘটনাস্থলীত উপস্থিত বনবিভাগৰ লোক। মৃত বন্যহস্তীটো বন বিভাগে নিজৰ জিম্মাত লৈ গাত খান্দি পুতি থোৱাৰ ব্য়ৱস্থা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা