
বৰপেটা, ১৯ জুন (হি.স.)। কলগাছিয়াৰ চেনিমাৰীত ২ নং বিকল্প ৰাজ্যিক ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰি পৰিল কাঠ ভৰ্তি ট্ৰাক। ট্ৰাক খনৰ নম্বৰ এ এছ ১৯ এ চি ৫৮২৪। কলগাছিয়াৰ পৰা চেনিমাৰী হৈ ৰঙাপানী লৈ যোৱাৰ পথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। ভাঙি পৰে হাই ভল্টেজ বিদ্যুৎৰ খুটা। কথমপি ৰক্ষা পৰে ৰাস্তাৰ কাষত থকা দোকান পোহাৰ আৰু পথচাৰী।
জানিব পৰা মতে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চেনিমাৰীত ২ নং বিকল্প ৰাজ্যিক ঘাইপথত সংঘটিত হয় ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা। জানিব পৰা মতে, কাঠ ভৰ্তি ট্ৰাক খন কলগাছিয়াৰ পৰা চেনিমাৰী হৈ বঙাইগাঁও জিলাৰ ৰঙাপানী লৈ গৈ আছিল। ৰাস্তাৰ কাষত পেলাই থোৱা কেঁচা মাটিৰ বাবে ট্ৰাকখন দুৰ্ঘটনা গ্ৰস্ত হয় বুলি ৰাইজে অভিযোগ কৰিছে। লগতে ৰাস্তাৰ ঠিকাদাৰৰ গাফিলতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। দুৰ্ঘটনা সংঘটিত হৈ কাঠ ভৰ্তি ট্ৰাক খন ৰাস্তাৰ কাষত থকা দ' খাৱৈত বাগৰি পৰে যদিও কথমপি ৰক্ষা পৰে কেইবাটাও দোকান পোহাৰ আৰু পথচাৰী। লগতে বিদ্যুৎৰ খুটা ভাঙি পৰে যদিও সেই সময়ত কাৰেন্ট নথকাত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে অঞ্চলটো।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু