
দৰং, ১৯ জুন (হি.স.)। কৃষিমন্ত্ৰী পিযুষ হাজৰিকাৰ নিৰ্দেশ মৰ্মে বীজ বিতৰণ আৰম্ভ কৰিছে কৃষি বিভাগে। ছিপাঝাৰ আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনস্থ স্থানীয় গাঁও প্ৰধান সকলক মাটি আনি এই বীজ বিতৰণ কৰা পৰিলক্ষিত হৈছে। ধানৰ লগতে অন্যান্য বীজ বিতৰণ কৰি কৃষক সকলক সকাহ দিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে পাথৰিঘাট কৃষি মহকুমাৰ বিষয়া সকলে।
লক্ষনীয় যে কৃষিমন্ত্ৰী পিযুষ হাজৰিকাই দায়িত্বভাৰ গ্ৰহণ কৰিয়ে কৃষি বিভাগত আমুল পৰিবৰ্তন আনিবলৈ প্ৰয়াস কৰিছে।পুৰ্বৰ কৃষিমন্ত্ৰী অতুল বৰাৰ কাৰ্যকালত উদ্ধৱ হোৱা বিভাগৰ বিভিন্ন অনিয়ম আতৰ কৰিবলৈ তেও বিভাগৰ বিষয়া সকলক নিৰ্দেশ জাৰি কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা