মৰিগাঁৱৰ বিদ্যালয়ত চাঞ্চল্যকৰ চুৰি কাণ্ড
মৰিগাঁও, ১৯ জুন (হি.স.)। মৰিগাঁৱত এক চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হৈছে। কালি নিশা মৰিগাঁও মতিৰাম বৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত চোৰে চলালে চাফাই অভিযান। অতি কৌশলেৰে বিদ্যালয়ৰ তলা ভাঙি চোৰে লুটি নিলে বহু মূল্যবান সামগ্ৰী। চুৰিকাণ্ডৰ বলি হোৱা সা
মৰিগাঁৱৰ বিদ্যালয়ত চাঞ্চল্যকৰ চুৰি কাণ্ড


মৰিগাঁও, ১৯ জুন (হি.স.)। মৰিগাঁৱত এক চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হৈছে। কালি নিশা মৰিগাঁও মতিৰাম বৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত চোৰে চলালে চাফাই অভিযান।

অতি কৌশলেৰে বিদ্যালয়ৰ তলা ভাঙি চোৰে লুটি নিলে বহু মূল্যবান সামগ্ৰী। চুৰিকাণ্ডৰ বলি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা লেপটপ, এটা স্মাৰ্ট টিভি, এটা ডিজিটেল টিভি চি পি ইউ দুটা, ডেস্কটপ দুটা,, দুটা চি পি ইউ, এটা চি চি টিভি মনিটৰ আৰু এখন ষ্টেণ্ড ফেন। চুৰি হোৱা সামগ্ৰী খিনি মূল্য প্রায় ৩লাখ ৫০হাজাৰ বুলি জানিব দিয়ে বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে।এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande