
বিশ্বনাথ, ১৯ জুন (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ কলাবাৰী কলমৌগুৰীত যোৱা কালি বৃহস্পতিবাৰে বিয়লি চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় । চোৰে নগদ ২৫০০০ হেজাৰ টকা আৰু পাঁচ তোলা সোণ চুৰি কৰি নিয়ে। গহপুৰৰ কলাবাৰীৰ গুনিন্দ কাকতি নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই চুৰি কাণ্ডৰ ঘটনা ।
জানিব পৰামতে, ঘৰৰ দৰ্জা খুলি আলমিৰা ভাঙি সোণৰ অলংকাৰ চুৰি কৰাৰ লগতে অন্যান্য মূল্যৱান সম্পদ চোৰে চুৰি কৰি নিয়ে । ঘৰত কোনো নথকাৰ সুযোগত চুৰে এই চুৰি কাণ্ড কৰে । চোৰ দুজন বাইকত আহিছিল। বৰ্তমান গহপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ