
শিৱসাগৰ, ১৯ জুন (হি.স.)। অন্ত পৰাৰ দিশে আগবাঢ়িছে এক সম্ভাৱনাময় উদ্যোগ।চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে উদ্যোগটোৰ জঁকাটোহে বাকী ৰৈ গৈছে।পাট-মুগা শিল্পৰ বজাৰ আৰু মুগাপালক সকলক উপকৃত কৰিব পৰাকৈ প্ৰচুৰ সম্ভাৱনীয়তা আছিল উদ্যোগটোৰ।ব্ৰিটিছ শাসনকালতেই স্থাপিত উদ্যোগটোত এতিয়া মৃত্যুঘণ্টা।শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত অৱস্থিত গৌৰীসাগৰ চৰকাৰী ৰেচম পাম।তিনি সহস্ৰাধিক চোম গছেৰে সমৃদ্ধ পামখন ১৯৪১ চনত ব্ৰিটিছ শাসন কালতেই স্থাপন কৰা হৈছিল।
এই বৃহৎ ৰেচম পামখনে গ্ৰাম্য অৰ্থনীতি তথা পাট-মুগাৰ উদ্যোগটোক এক অন্যন্য মাত্ৰা প্ৰদান কৰি আহিছিল যদিও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এতিয়া পামখনৰ ভৱিষ্যত অন্ধকাৰৰ দিশে।অসমৰ বিভিন্ন জিলাৰ পৰা পামখনলৈ মুগা পলুপালনৰ বাবে অহা মুগা পলু পালকসকল বৃহৎ লোকচানৰ সন্মুখীন হৈ আহিছে।
বতৰৰ পৰিৱৰ্তনৰ লগতে অত্যধিক প্ৰদূষণৰ ফলত পালন কৰা পলু বৃহৎ পৰিসংখ্যাত মৃত্যুমুখত পৰি পলুপালক সকল লোকচানৰ সন্মুখীন হৈ আহিছে।ইতিমধ্যেই হীৰক জয়ন্তী বৰ্ষ পাৰ কৰা ৰেচম পামখনত পলুপালক সকলৰ বাবে নূন্যতম সা-সুবিধাও উপলব্ধ নহয়।চোম গছ সমূহত কোনো বেৰা নথকাৰ বাবে গৰু ছাগলী লগতে মানুহৰ আহ জাহৰ ফলত মুগা পলুসমূহ বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে ।
প্ৰতি হাজাৰ পলুৰ বিপৰীতে পলুপালক সকলে বিভাগীয় কৰ্তৃপক্ষক ১০০ টকাকৈ কৰ আদায় দি আহিছে যদিও তেওঁলোকে ইয়াৰ বিনিময়ত সামান্য সুবিধাও লাভ নকৰে।মুগা পলুপালক সকলৰ আহ্বান বিশ্ব দৰবাৰত মুগা শিল্পক প্ৰতিষ্ঠা কৰাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এই ৰেচম পামসমূহক চৰকাৰে জীয়াই ৰাখক। পামসমূহ জীয়াই ৰাখিলেহে মুগা পলুপালক সকলে উৎপাদন বৃদ্ধি কৰি গ্ৰাম্য অৰ্থনীতি সবল কৰি ৰাখিব পাৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ