চাকৰিৰ দালালৰ কৱলত পৰি মানসিক চাপ সহিব নোৱাৰি মৃত্যু ৰৌতাৰ এজন কৃষকৰ
ওদালগুৰি, ১৯ জুন (হি.স.)। দালাল চক্ৰৰ কৱলত পৰি সৰ্বস্বান্ত হৈ মানসিক চাপ সহিব নোৱাৰি মৃত্যুক আঁকোৱালি ললে ওদালগুৰি জিলাৰ ৰৌতাৰ ৰমেশ ডেকা নামৰ এগৰাকী খেতিয়কে ।দালালক চাকৰিৰ নামত ধন দি সর্বস্বান্ত হৈ মানসিক হেচাত হৃদক্রিয়া বন্ধ হৈ জি এম চি এইছ ত মৃ
চাকৰিৰ দালালৰ কৱলত পৰি মানসিক চাপ সহিব নোৱাৰি মৃত্যু ৰৌতাৰ এজন কৃষকৰ


ওদালগুৰি, ১৯ জুন (হি.স.)। দালাল চক্ৰৰ কৱলত পৰি সৰ্বস্বান্ত হৈ মানসিক চাপ সহিব নোৱাৰি মৃত্যুক আঁকোৱালি ললে ওদালগুৰি জিলাৰ ৰৌতাৰ ৰমেশ ডেকা নামৰ এগৰাকী খেতিয়কে ।দালালক চাকৰিৰ নামত ধন দি সর্বস্বান্ত হৈ মানসিক হেচাত হৃদক্রিয়া বন্ধ হৈ জি এম চি এইছ ত মৃত্যুক আঁকোৱালি লয় ৰমেশ ডেকা নামৰ লোকজনে ।ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্রীৰ ঘনিষ্ঠতাৰ নাম লৈ দৰং জিলাৰ বেছিমাৰীৰ ৩ দালাল ক্রমে ৰহিমুদ্দিন ওৰফে কিছমত, আহমদ আলী আৰু কোৰবান আলীয়ে ধন লৈছিল খেতিয়ক ৰমেশ ডেকাৰ পৰা ।

এবাৰ দুবাৰ নহয় ৩ বাৰকৈ সমাজ কল্যাণ বিভাগৰ ৪র্থ বর্গৰ চাকৰি দিম বুলি ৰমেশ ডেকাৰ পৰা লাখে টকা সৰকাইছিল ৩ দালালে । কন্যাৰ ভাষ্য অনুসৰি চাকৰিৰ নামত টকা বিচাৰি বহুবাৰ পিতৃ ৰমেশ ডেকাক মানসিক চাপ দিছিল ৩ দালাল ক্রমে ৰহিমুদ্দিন ওৰফে কিছমত, আহমদ আলী আৰু কোৰবান আলীয়ে । প্রায় ৫ ৰ পৰা ৬ লাখ টকা চাকৰিৰ নামত ৰমেশ ডেকাৰ পৰা লৈছিল ৩ দালালে । দালালক টকা দিবৰ বাবে খেতিয়ক ৰমেশ ডেকাই নিজে খেতি কৰা ৮ বিঘা মাটিও বেছি দিব লগা হৈছিল । বিগত ২ বছৰ পূর্বে সর্বস্বান্ত পৰিয়ালটোই ৩ দালালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৰৌতা আৰক্ষী থানাত । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈ জেললৈও গৈছিল ৩ দালালে । চাকৰিৰ নামত লাখে লাখে টকা দি ধাৰত পোত গৈ, খেতি পথাৰৰ মাটিও বিক্রী যোৱাত অত্যন্ত মানসিক চাপত আছিল খেতিয়ক ৰমেশ ডেকা । আৰু অৱশেষত হৃদক্রিয়া বন্ধ হৈ আজি পুৱা জি এম চি এইছ ত মৃত্যুক আকোৱালি লয় খেতিয়ক ৰমেশ ডেকাই । সর্বস্বান্ত পৰিয়ালটোয়ে এতিয়া বিচাৰিছে চৰকাৰৰ সহায় । ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম কলুষিত কৰি চাকৰিৰ নামত ধন লোৱা ৩ দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande