ৰঙিয়াৰ সমিপৰ খন্দিকৰত ভয়ানক পথ দূৰ্ঘটনাত তিনি কিশোৰ নিহত
ৰঙিয়াৰ সমিপৰ খন্দিকৰত ভয়ানক পথ দূৰ্ঘটনা ।
ৰঙিয়াৰ সমিপৰ খন্দিকৰত ভয়ানক পথ দূৰ্ঘটনাত তিনি কিশোৰ নিহত


কামৰূপ, ১৯ জুন (হি.স.): কামৰূপ জিলাৰ ৰঙিয়াৰ সমিপৰ খন্দিকৰত য়োৱা কালি বৃহস্পতিবাৰে নিশা ভয়ানক পথ দূৰ্ঘটনা সংঘটিত হয়। থিতাতে নিহত একেটা পৰিয়ালৰ তিনিজনকৈ কিশোৰ । বাইক আৰু তীব্ৰবেগী ব'লেৰো পিক আপৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । এই ঘটনাত জুবেইৰ হুছেইন, নজৰুল চুলতান আৰু চুলতান আলী নামৰ তিনিজনকৈ কিশোৰৰ কৰুণ মৃত্যু হয় ।

ইয়াৰে দুই সহোদৰ ভাতৃ জুবেইৰ হুছেইন আৰু নজৰুল চুলতান দেউলকুছি হাইস্কুলৰ দশম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ । আনগৰাকী নিহত কিশোৰ চুলতান আলী হৈছে নিহত দুই ভাতৃৰ পেহীয়েকৰ পুত্ৰ । ৰঙিয়া ইউচুফ নগৰৰ পৰা আত্মীয়ৰ বিয়াৰ খবৰ লৈ এখন বাইকতে খন্দিকৰৰ নিজ ঘৰলৈ ওভতিছিল তিনি ভাতৃ । আৰু ঘৰ পোৱাৰ কিছু নিলগতে ৰঙিয়া -নাগ্ৰিজুলি পথত ঘটি গল এই ভয়ানক দূৰ্ঘটনা ।দূৰ্ঘটনা সংঘটিত কৰা চালক হেন্দিমেনক নিশাই আটক কৰিছে ৰঙিয়া আৰক্ষীয়ে । ইফালে নিশাৰ ভাগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে তিনিওৰে মৃতদেহ । ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ লগতে এক শোকাকূল পৰিবেশে বিৰাজ কৰিছে খন্দিকৰ অঞ্চলত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande