
ধুবুৰী, ১৯ জুন (হি.স.): ধুবুৰী জিলাৰ চাপৰত য়োৱা কালি নিশা চাৰিলেনযুক্ত পথ নিৰ্মাণ কোম্পানী বিআইপিএৰ অসাবধানতাৰ বাবে প্ৰাণ হেৰুৱালে এজন যুৱকে । কালভাৰ্ট নিৰ্মাণৰ বাবে খান্দি থোৱা গাঁতত পৰি মৃত্যু হয় এজন যুৱকৰ । চাপৰৰ মোৱাটাৰীত নিশা শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ক্ষোভিত ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনা স্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। চাপৰৰ মোৱাটাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় পুঠিমাৰীৰ ছানিদুল ইছলাম (২০) আৰু আহত হয় ধনতোলাৰ ববিদুল ইছলাম (২০)। জানিব পৰা মতে, সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকক এৰাই যাবলৈ চেষ্টা কৰোঁতে বাইকখন পথৰ কাষত থকা কংক্ৰিটৰ বেৰিকেটত খুন্দা মাৰে। ফলত বাইক সহ ছানিদুল ইছলাম কালভাৰ্ট নিৰ্মাণৰ বাবে খান্দি থোৱা গাঁতত পৰি যায় আৰু আনজন আৰোহী চিটিকি পথত পৰে। স্থানীয় ৰাইজৰ অভিযোগ চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী কোম্পানী বিআইপিএ-এ উপযুক্ত সতর্কীকৰণ চিহ্ন নোহোৱাকৈ কংক্ৰিটৰ বেৰিকেট স্থাপন কৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হৈছে। যাৰ বাবে বেৰিকেটত খুন্দা মাৰি বাগৰি পৰে পানীভৰ্তি গাঁতত। পিছলৈ স্হানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰে যুৱকজনক। ইয়াকে কেন্দ্ৰ কৰি ক্ষোভিত ৰাইজে বিআইপিএ কোম্পানীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশেষত আৰক্ষীৰ বুজনিত পিছলৈ ৰাইজে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে। ৰাইজৰ দাবী যেতিয়ালৈকে বিআইপিএ কোম্পানীৰ বিষয়ববীয়াই মৃত যুৱক জনৰ পৰিয়াল বৰ্গক উচিত ক্ষতিপূৰণ নিদিয়ে তেতিয়ালৈকে ৰাইজে কোনো ধৰণৰ কাম কৰিবলৈ নিদিব। আনফালে পৰিয়ালৰ লোকে জানিব দিয়া মতে ধনতোলাৰ জেষ্ঠ ভগ্নীৰ ঘৰৰ পৰা পুঠিমাৰীত থকা পিতৃক ঔষধ দি আকৌ জেষ্ঠ ভগ্নিৰ ঘৰত উভতি যোৱাৰ পথত পতিত হয় এই দুৰ্ঘটনাত। ছানিদুল ইছলাম আছিল এই পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান। উক্ত ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ