
কামৰূপ, ১৯ জুন (হি.স.)। ৰঙিয়াৰ খন্দিকৰত যোৱা নিশা সংঘটিত শোকাবহ পথ দূৰ্ঘটনা থিতাতে নিহত হয় একেটা পৰিয়ালৰ তিনিজনকৈ কিশোৰ ।
বাইক আৰু তীব্ৰবেগী ব'লেৰো পিক আপৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত জুবেইৰ হুছেইন , নজৰুল চুলতান আৰু চুলতান আলী নামৰ তিনিজনকৈ কিশোৰে কৰুণ মৃত্যুক সাৱটি লয়। দুৰ্ঘটনাটোত অকাল মৃত্যুক সাৱটি লোৱা দুই সহোদৰ ভাতৃ জুবেইৰ হুছেইন আৰু নজৰুল চুলতান দেউলকুছি হাইস্কুলৰ দশম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ । আনজন মৃত্যুৰ বলি হোৱা কিশোৰ চুলতান আলী নিহত দুই ভাতৃৰ পেহীয়েকৰ পুত্ৰ বুলি জানিব পৰা গৈছে ।
ঘটনাৰ বলি হোৱা তিনি ভাতৃয়ে ৰঙিয়াৰ ইউচুফ নগৰত থকা আত্মীয়ৰ বিয়া খাব লৈ এখন বাইকতে খন্দিকৰৰ নিজ ঘৰলৈ ওভটি আহিছিল।
কিন্তু বাসগৃহৰ কিছু নিলগত ৰঙিয়া -নাগ্ৰীজুলি পথত সংঘটিত হয় ভয়ানক দূৰ্ঘটনাটো । নিশাৰ ভাগতে দুৰ্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ থিতাতে নিহত দুজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন এজনক ৰঙিয়াৰ স্বস্তি হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱাৰ পিছতে মৃত্যুক সাৱটি লয় । ইফালে দুৰ্ঘটনা সংঘটিত কৰা চালকজনৰ লগতে সহযোগী জনকো নিশাই আটক কৰে ৰঙিয়া আৰক্ষীয়ে । তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দুৰ্ঘটনাটোক লৈ সমগ্ৰ ৰঙিয়াতে শোকাকুল পৰিবেশে বিৰাজ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা