
লখিমপুৰ, ১৯ জুন (হি.স.): লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ কছাৰীপথাৰ অঞ্চলৰ ৰাইজে সূচল পথৰ অভাৱত বিগত বছৰ বছৰ ধৰি যমৰ যাতনা ভূগিছে । পথৰ দূৰৱস্থাৰ বাবে অঞ্চলটোৰ ৰাইজসকল ব্য়াপক আহুকালৰ সন্মুখীন হৈছে ।
জনজাতীয় অঞ্চলটোৰ মূল পথছোৱাৰ লগতে দাঁতিকাষৰীয়া পথসমূহো আজিকোপতি পকীকৰণ নোহোৱাত ছাত্ৰ ছাত্ৰীকে ধৰি সকলো ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত সৃষ্টি হৈছে ব্যাপক সমস্যা। বৰ্তমান সময়টো পথটোত পথাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে । অৱশেষত ৰাইজে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক অঞ্চলটো এই বৃহৎ সমস্যা সমূহ সমাধানৰ বাবে আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ