এটা পথে জ্বলাকলা খুৱাইছে কামৰূপ জিলাৰ নগৰবেৰাৰ কল্যাণপুৰ গাঁওবাসীক
এটা পথে জ্বলাকলা খুৱাইছে কামৰূপ জিলাৰ নগৰবেৰাৰ কল্যাণপুৰ গাঁওবাসীক।
এটা পথে জ্বলাকলা খুৱাইছে কামৰূপ জিলাৰ নগৰবেৰাৰ কল্যাণপুৰ গাঁওবাসীক


কামৰূপ, ১৯ জুন (হি.স.): এটা বিধ্বস্থ পথে জ্বলাকলা খুৱাইছে কামৰূপ জিলাৰ নগৰবেৰাৰ কল্যাণপুৰ গাঁওবাসীক । গাঁওখনৰ একমাত্ৰ পথটো সাধাৰণ বৰষুণ পৰিলেই একাঁঠু পৰ্যন্ত বোকাময় হৈ পৰে । এনে বোকাময় পথেৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো ৰাইজে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভূগিছে।

পথটোৰ দুৰাৱস্থাৰ বাবে বৰ্ষাকাল ৬-৭ মাহ গাঁওখনলৈ যাব নোৱাৰে এম্বুলেঞ্চ। এনে পৰিস্থিতিত বহু সময়ত ৰাস্তাতে সন্তান প্ৰসৱ কৰিছে গৰ্ভৱতী মহিলাই। পূৰ্বৰ বকো সমষ্টিৰ বিধায়ক নন্দিতা দাসক পথটো পকীকৰণৰ বাবে বহুবাৰ অনুৰোধ জনাইছিল যদিও ৰাইজৰ আবেদনক গুৰুত্ব নিদিলে। সেয়ে বকো-ছয়গাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰাজু মেছক পথটো পকীকৰণ কৰাৰ দাবী জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande