
বৰপেটা, ১৯ জুন (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ সালেকুৰা পথৰ দুৰৱস্থাৰ বাবে যাতাযতৰ ক্ষেত্ৰত ব্যাপক আহুকালৰ সৃষ্টি হৈছে ।জনীয়া-হাউলি সংযোগী পথৰ পৰা সালেকুৰালৈ যোৱা পথৰ দুৰৱস্থাই জ্বলা-কলা খোৱাইছে ৰাইজক। উদ্বোধন কৰাৰ পিছতো নিৰ্মাণ কাৰ্য আৰম্ভ নহ'ল এছওপিডি–জিৰ অধীনৰ পথটি ।
পথৰ শুভ উদ্বোধন কৰাৰ পিছতো নিৰ্মাণ কাৰ্য আৰম্ভ নকৰিলে ঠিকাদাৰে । একেদৰে কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ । নিৰ্বাচনৰ পূৰ্বে জনীয়াৰ সালেকুৰালৈ যোৱা পথ নিৰ্মাণৰ কামৰ শুভ উদ্বোধন কৰিছিল প্ৰাক্তন বিধায়ক ৰফিকুল ইছলামে । প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে এছওপিডি–জি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অধীনত জনীয়া-হাউলি সংযোগী পথৰ পৰা সালেকুৰালৈ যোৱা পথৰ শুভ উদ্বোধন কৰিছিল প্ৰাক্তন বিধায়ক ৰফিকুল ইছলামে । পিছে আজিও আৰম্ভ নহ'ল উক্ত পকী পথ নিৰ্মাণৰ কাম। সেয়ে অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পথচোৱাৰ কাম আৰম্ভ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ চলাচল সুচল কৰাৰ আহ্বান জনায় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ