প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ২০ আৰু ২১ জুনত দুদিনীয়াকৈ পশ্চিম বংগ ভ্ৰমণ, মুকলি কৰিব পিএম-কিষাণৰ ২৩তম কিস্তি
নতুন দিল্লী, ১৯ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ আৰু ২১ জুনত দুদিনীয়াকৈ পশ্চিম বংগ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ হুগলী জিলাত পশ্চিম বংগ দিৱস সমাৰোহত অংশগ্ৰহণ কৰিব, বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


নতুন দিল্লী, ১৯ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ আৰু ২১ জুনত দুদিনীয়াকৈ পশ্চিম বংগ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ হুগলী জিলাত পশ্চিম বংগ দিৱস সমাৰোহত অংশগ্ৰহণ কৰিব, বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব, কৃষকৰ বাবে কেইবাখনো কেন্দ্ৰীয় কৃষি আঁচনি মুকলি কৰিব আৰু ২১ জুনত কলকাতাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি অহা ২০ জুনত হুগলী জিলাৰ তাৰাকেশ্বৰত পশ্চিম বংগ দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। এই উপলক্ষে তেওঁ ৰেলৱে, কৃষি, গ্ৰাম্য উন্নয়ন, মীন, আৰু পশুপালন খণ্ডৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব, আৰু এখন ৰাজহুৱা সভাত ভাষণ দিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিছান)ৰ ২৩ তম কিস্তি প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি)ৰ জৰিয়তে সমগ্ৰ দেশৰ ৯.৪৪ কোটিৰো অধিক কৃষকৰ একাউণ্টত মুকলি কৰিব। এই আঁচনিৰ অধীনত ১৮,৮৮০ কোটি টকাতকৈ অধিক ধন কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হ’ব। পশ্চিম বংগৰ ৪৫ লাখৰো অধিক কৃষকে লাভ কৰিব ₹৯০০ কোটিৰো অধিক ধন।

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা। এই আঁচনিৰ লক্ষ্য হৈছে ২০২৬-২৭ চনত ৰাজ্যৰ প্ৰায় ৫০ লাখ কৃষক আৰু ১৪ লাখ হেক্টৰ কৃষিভূমিক বীমা সুৰক্ষা প্ৰদান কৰা। ইয়াৰ উপৰিও ডিজিটেল কৃষি অভিযান, এগ্ৰিষ্টেক, নেচনেল মিছন ফৰ নেচাৰেল ফাৰ্মিং, আৰু প্ৰধানমন্ত্ৰী ধন ধন কৃষি যোজনাও আৰম্ভ কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে দক্ষিণ ২৪ পৰগনা জিলাৰ ফ্ৰেজাৰগঞ্জত আধুনিকীকৃত মীন বন্দৰ আৰু বীৰভূম জিলাৰ ছাইন্থিয়াত নতুন আধুনিক মাছ বজাৰ উদ্বোধন কৰিব। তেওঁ নাদিয়া জিলাৰ হৰিংঘাটাত ছাগলীৰ বাবে আঞ্চলিক বীৰ্য উৎপাদন পৰীক্ষাগাৰ আৰু বীৰ্য বেংক উদ্বোধন কৰিব, যিটো পূব ভাৰতৰ এই ধৰণৰ প্ৰথমটো সুবিধা।

ৰে’ল খণ্ডতো প্ৰায় ৫৯০ কোটি টকাৰ প্ৰকল্প ত্বৰান্বিত কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে হাওৰা জিলাৰ সংক্ৰাইল-সন্ত্ৰগাছি লিংক লাইন প্ৰজেক্ট জাতিলৈ উৎসৰ্গা কৰিব। তদুপৰি হাওৰাত ৩০০ বিছনাযুক্ত নতুন সংমণ্ডল ৰেলৱে হাস্পতাল আৰু পূৰবা মেদিনীপুৰ জিলাৰ হাওৰা-ৰাধামোহনপুৰ ৰেল অভাৰব্ৰিজৰ (আৰ অ’ বি) আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ উপৰিও তেওঁ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত বিকশিত ৪৯টা পথ প্ৰকল্পৰ উদ্বোধন কৰিব, যাৰ দৈৰ্ঘ্য মুঠ ৩১৫ কিলোমিটাৰতকৈও অধিক। এই প্ৰকল্পসমূহে গ্ৰামাঞ্চলত সংযোগ শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ২১ জুনত কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব। এইবাৰৰ যোগ দিৱসৰ থিম হৈছে স্বাস্থ্যকৰ বয়স বৃদ্ধিৰ বাবে যোগাসন। প্ৰধানমন্ত্ৰীয়ে সহস্ৰাধিক যোগ সাধনাৰ সৈতে কমন যোগ প্ৰট’কল অধিবেশনত অংশগ্ৰহণ কৰি সমাৱেশত ভাষণ দিব।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা ডিজাইন আৰু নিৰ্মিত নৌসেনাৰ জাহাজ—আইএনএছ দুনাগিৰি, আইএনএছ সংশোধন, আৰু আইএনএছ আগৰ—ভাৰতীয় নৌসেনালৈ কমিচন দিব। ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৰ দ্বাৰা ডিজাইন কৰা এই জাহাজসমূহ কলকাতাস্থিত গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰে ২০০ৰো অধিক এম এছ এম ইৰ অংশগ্ৰহণেৰে নিৰ্মাণ কৰিছিল। এই জাহাজসমূহে ৭৫ শতাংশতকৈ অধিক থলুৱা সামগ্ৰী ব্যৱহাৰ কৰে, যিয়ে আত্মনিৰ্ভৰশীল ভাৰতৰ দিশত এক উল্লেখযোগ্য কৃতিত্বৰ চিন স্বৰূপ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande