
গোৱালপাৰা, ১৯ জুন (হি.স.)। গোৱালপাৰাৰ টুপলা খোৱাত পথ দুৰ্ঘটনা। নিহত এজন, আন এজন আহত। আজি পুৱা মাটিয়া থানাৰ অন্তৰ্গত গাৰোমাৰীৰ পৰা শিমলীতোলা লৈ যোৱা টোপলা খোৱা পকী পথত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটো। পথ দুৰ্ঘটনাত নিহত যুৱকজনক ভেৰভেৰী গাওঁৰ ইছলাম স্বাহৰ পুত্ৰ ৰফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে নিহত ৰফিকুল ইছলাম আৰু হাফিজুল ৰহমান দুই ভায়ে পুৱতি নিশা কৰ্মসুত্ৰে বাইকেৰে ঘৰৰ পৰা ওলাই গৈছিল।ওলাই যোৱাৰ পিছতে উক্ত শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাটৰো খবৰে অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে। দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে মাটিয়া আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ আহত হোৱা হাফিজুলক সংকট জনক অৱস্থাত গোৱালপাৰা চিকিৎসালৈ প্ৰেৰন কৰাৰ লগত নিহত ৰফিকুল ইছলামক মৰনোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ