চাপৰৰ মোৱাটাৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন,আহত এজন
ধুবুৰী, ১৯ জুন (হি.স.)। চাপৰৰ মোৱাটাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত পুঠিমাৰীৰ ছানিদুল ইছলাম (২০) আহত হয় ধনতোলাৰ ববিদুল ইছলাম (২০)। জানিব পৰা মতে, সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকক অভাৰটেক কৰিবলৈ
চাপৰৰ মোৱাটাৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন,আহত এজন


ধুবুৰী, ১৯ জুন (হি.স.)। চাপৰৰ মোৱাটাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত পুঠিমাৰীৰ ছানিদুল ইছলাম (২০) আহত হয় ধনতোলাৰ ববিদুল ইছলাম (২০)।

জানিব পৰা মতে, সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকক অভাৰটেক কৰিবলৈ চেষ্টা কৰোঁতে বাইক খন পথৰ কাষত থকা কংক্ৰিটৰ বেৰিকেটত খুন্দা মাৰে। ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

স্থানীয় ৰাইজৰ অভিযোগ চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী কোম্পানী বিআইপিএলএ উপযুক্ত সতর্কীকৰণ চিহ্ন নোহোৱাকৈ কংক্ৰিটৰ বেৰিকেট স্থাপন কৰাৰ ফলতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছে। যাৰ বাবে বেৰিকেটত খুন্দা মাৰি বাগৰি পৰে পানীভৰ্তি গাঁতত। পিছলৈ স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰে যুৱকদ্বয়ক।

অৱশেষত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। ঘটনাক কেন্দ্ৰ কৰি ক্ষোভিত ৰাইজে বিআইপিএল কোম্পানীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে। আৰক্ষীৰ বুজনিত পিছলৈ ৰাইজে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ধনতোলাৰ জেষ্ঠ ভগ্নীৰ ঘৰৰ পৰা পুঠিমাৰীত থকা পিতৃক ঔষধ দি আকৌ জেষ্ঠ ভগ্নিৰ ঘৰত উভতি যোৱাৰ পথত পতিত হয় এই দুৰ্ঘটনাত। জানিব পৰা মতে ছানিদুল পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান আছিল। ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande