কামৰূপ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা বিদ্যালয় সমূহৰ গৰমৰ ইউনিফৰ্মৰ বাবে জাৰী কৰা হৈছিল এক জাননী
কামৰূপ, ১৯ জুন (হি.স.)। যোৱা বুধবাৰে কামৰূপ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা বিদ্যালয় সমূহৰ গৰমৰ ইউনিফৰ্মৰ বাবে জাৰী কৰা হৈছিল এক জাননী । উৎকত গৰমৰ দিনকেইটাত ছাত্ৰ-ছাত্ৰী সকলক পৰিত্ৰাণ দিবলৈ অনাবস্যক পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় জিলা
কামৰূপ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা বিদ্যালয় সমূহৰ গৰমৰ ইউনিফৰ্মৰ বাবে জাৰী কৰা হৈছিল এক জাননী


কামৰূপ, ১৯ জুন (হি.স.)। যোৱা বুধবাৰে কামৰূপ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা বিদ্যালয় সমূহৰ গৰমৰ ইউনিফৰ্মৰ বাবে জাৰী কৰা হৈছিল এক জাননী । উৎকত গৰমৰ দিনকেইটাত ছাত্ৰ-ছাত্ৰী সকলক পৰিত্ৰাণ দিবলৈ অনাবস্যক পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় জিলা শিক্ষা বিষয়া গৰাকীয়ে ।

বিশেষকৈ ব্যক্তিগত মাধ্যমৰ বিদ্যালয় সমূহক স্কুল ইউনিফৰ্ম লগত নেকটাই, ব্লেজাৰ, ৱেষ্টকট' আদিৰ লগতে অনাৱস্যক পোছাক পৰিধান কৰাত শিথিলতা প্ৰদান কৰিছে যদিও চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিধান কৰিব লাগিব তেওঁলোকৰ নিজা ইউনিফৰ্ম। কামৰূপ জিলা শিক্ষা বিষয়া তপন কুমাৰ কলিতাৰ এই দৰ্শনীয় পদক্ষেপে অভিভাৱক সকলক নিজৰ সন্তানক বিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত এক স্বষ্ঠিৰ নিশ্বাস পেলাইছে ।

আনহাতে ব্যক্তিগত বিদ্যালয় সমূহৰ অভিভাৱক সকলৰ আবেদনৰ ভিত্তিতে এই দৰ্শনীয় পদক্ষেপে গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে কামৰূপ শিক্ষা বিষয়া জনে ।

লগতে জিলা শিক্ষা বিষয়া গৰাকীৰ এই পদক্ষেপত উৎফুল্লিত হৈ পৰিছে ব্যক্তিগত খণ্ডত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকল ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande