
নিয়ামে (নাইজাৰ), ১৯ জুন (হি.স.)। নাইজাৰৰ ৰাজধানী নিয়ামিৰ ডিঅ’ৰী হামানি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এক সন্ত্ৰাসবাদী আক্ৰমণ।
বিমানবন্দৰত এঘণ্টাৰো অধিক সময় ধৰি বিস্ফোৰণ আৰু বন্দুকৰ গুলী চলি থাকে। নাইজাৰ ৰিপাব্লিকৰ সামৰিক চৰকাৰৰ প্ৰাৰম্ভিক প্ৰতিবেদনত কোৱা হৈছে যে এই আক্ৰমণত ১১ জন সৈনিক আৰু ২২ জন সন্ত্ৰাসবাদী নিহত হৈছে। ইংৰাজী ভাষাৰ প্ৰিমিয়াৰ টাইমছ কাকত নাইজেৰিয়াৰ মতে, এই আক্ৰমণত দুজন সাধাৰণ নাগৰিকো নিহত হয়। খবৰ অনুসৰি বিমানবন্দৰৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰতে গুলীচালনা আৰম্ভ হোৱাৰ ফলত নিৰাপত্তা বাহিনীয়ে সমগ্ৰ কমপ্লেক্সটো ঘেৰাও কৰে।
সেনাই ঘেৰাও কৰি সন্ত্ৰাসবাদী পলায়ন কৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। নাইজাৰ সেনাই সন্ত্ৰাসবাদীকেইজনক খেদি ফুৰিছিল আৰু পলায়ন কৰাৰ সময়ত অস্ত্ৰ-শস্ত্ৰৰ ভঁৰাল এৰি থৈ গৈছিল। বিমানবন্দৰ আক্ৰমণৰ দায়িত্ব এতিয়াও কোনো সংগঠনে লোৱা নাই যদিও চলিত বৰ্ষৰ জানুৱাৰী মাহত একেটা বিমানবন্দৰতে সংঘটিত হৈছিল একেধৰণৰ ঘটনা ।
ছাহেলত ইছলামিক ষ্টেটৰ সৈতে জড়িত সশস্ত্ৰ উগ্ৰপন্থীয়ে মৰ্টাৰ আৰু ড্ৰ’ন ব্যৱহাৰ কৰি বহুমুখী আক্ৰমণ চলায়। তেওঁলোকে অসামৰিক টাৰ্মিনেল আৰু কাষৰীয়া এয়াৰ বেছ ১০১ দুয়োটাকে লক্ষ্য কৰি লৈছিল, যিটো দেশৰ সামৰিক অভিযানৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত কেন্দ্ৰ। ৰাছিয়ান আফ্ৰিকা কৰ্পছৰ যোদ্ধাৰ সৈতে নাইজাৰৰ সেনাই জানুৱাৰী মাহৰ আক্ৰমণত অংশগ্ৰহণ কৰি কেইবাজনো উগ্ৰপন্থীক হত্যা কৰাৰ লগতে কিছুসংখ্যকক জীৱিত অৱস্থাত বন্দী কৰে। এই আক্ৰমণৰ ফলত ৰাণৱে, সামৰিক বাহন, বাণিজ্যিক বিমান আদিও যথেষ্ট ক্ষতিসাধন হয় ।
নাইজাৰে এক দশকৰো অধিক সময় ধৰি সংগঠিত ইছলামিক উগ্ৰপন্থী বিদ্ৰোহৰ সন্মুখীন হৈ আহিছে । চুবুৰীয়া দেশ মালি আৰু বুৰ্কিনা ফাছ’ৰ দৰেই নাইজাৰো সামৰিক শাসনৰ অধীনত আছে। এই সামৰিক চৰকাৰখনে ব্যাপক আঞ্চলিক হিংসাৰ নিৰ্ণায়ক অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰিছিল। হিংসাত্মক উগ্ৰবাদৰ বিৰুদ্ধে এক জটিল, বহুমুখী যুদ্ধৰ কেন্দ্ৰবিন্দু নাইজাৰ। উগ্ৰবাদে ২০১০ চনৰ মাজভাগৰ পৰা সমগ্ৰ চাহেল অঞ্চলটোক অস্থিৰ কৰি তুলিছে ।
বৰ্তমান নাইজাৰে বিভিন্ন ধৰণৰ বিদ্ৰোহী গোটৰ সন্মুখীন হৈছে । পশ্চিমত (মালি আৰু বুৰ্কিনা ফাছ’ৰ সীমান্তৰ ওচৰত) ই আই এছ-চাহেল আৰু আল-কায়েদাৰ সৈতে জড়িত জে এন আই এমৰ বিৰুদ্ধে যুঁজি আছে। দক্ষিণ-পূবত (চাড হ্ৰদৰ ওচৰত) ই বকো হাৰাম আৰু ইছলামিক ষ্টেট পশ্চিম আফ্ৰিকা প্ৰভিন্সৰ সৈতে যুঁজি আছে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ