নেপালত অবৈধ ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱসায়ৰ অপৰাধত গ্ৰেপ্তাৰ ৭ চীনা নাগৰিক
কাঠমাণ্ডু, ১৯ জুন (হি.স.)। নেপালৰ ৰূপাণ্ডেহী জিলা আৰক্ষী কাৰ্যালয়ে অবৈধ ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱসায়ত জড়িত থকা চীনৰ ৭ জন নাগৰিকক গ্ৰেপ্তাৰ কৰিছে । বিভিন্ন এপ আৰু ৱেবছাইটৰ জৰিয়তে অবৈধ ডিজিটেল মুদ্ৰাৰ ব্যৱসায় সম্পৰ্কীয় নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিয
नेपाल में गिरफ्तार किए गए चीनी नागरिक


কাঠমাণ্ডু, ১৯ জুন (হি.স.)। নেপালৰ ৰূপাণ্ডেহী জিলা আৰক্ষী কাৰ্যালয়ে অবৈধ ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱসায়ত জড়িত থকা চীনৰ ৭ জন নাগৰিকক গ্ৰেপ্তাৰ কৰিছে । বিভিন্ন এপ আৰু ৱেবছাইটৰ জৰিয়তে অবৈধ ডিজিটেল মুদ্ৰাৰ ব্যৱসায় সম্পৰ্কীয় নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই শুকুৰবাৰে পুৱা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীৰ মতে, বুটৱালত এটা ঘৰ ভাড়াত লৈ আছিল এই অভিযুক্তসকল । তেওঁলোকে বাইনেন্স, অ’কেএক্স, পেটিএম, বিহিম, মবিকুইক, আৰু ফোনপেৰ দৰে এপ আৰু ৱেবছাইটৰ জৰিয়তে লেনদেন চলাইছিল । গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকলৰ ভিতৰত আছে ৪৯ বছৰীয়া জিয়াং গুওফু, ৪৩ বছৰীয়া হু গেং, ৪৫ বছৰীয়া লি চুহেনেয়ে, ৩৬ বছৰীয়া ছান হুই, ৩৫ বছৰীয়া ঝাও কিচেন, ৩২ বছৰীয়া জিয়াং জিয়াছুং আৰু ৪৫ বছৰীয়া লি বিন ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande