
নগাঁও, ১৯ জুন (হি.স.)। নগাঁৱৰ কঠিয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ ৷ খাদ্য সন্ধানত পাহাৰৰ পৰা সন্ধ্যা হ'লেই জনাঞ্চললৈ নামি আহে জাক জাক হাতী ৷ কঠিয়াতলী টেপৰআটিত নিশা বন্যহস্তীয়ে বাসগৃহ ভঙাৰ লগতে ভড়াল ভাঙি ধান খায় নষ্ট কৰে ৷
ইফালে বাৰীৰ গছ গছনি ভাঙি নষ্ট কৰাৰ লগতে পথাৰত ৰোৱা ধান খেতিও গছকি নষ্ট কৰে ৷ পাহাৰৰ পৰা নামি অহা এটা হাতীৰ জাকটোৱে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কঠিয়াতলীৰ বিভিন্ন স্থানত ৰাইজৰ ক্ষতি সাধন কৰে ৷ বন্যহস্তীৰ জাক পাৰ হোৱা সময়ত ৰাষ্ট্ৰীয় ঘাইপথটো দুয়োপাৰে বৃহৎ যানযতৰ সৃষ্টি হয় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা