বৃক্কৰ জটিল ৰোগত আক্ৰান্ত ৰঙিয়াৰ হিমাশ্ৰীলৈ সহায়ৰ হাত
বৃক্কৰ জটিল ৰোগত আক্ৰান্ত ৰঙিয়াৰ হিমাশ্ৰী।
বৃক্কৰ জটিল ৰোগত আক্ৰান্ত ৰঙিয়াৰ হিমাশ্ৰীলৈ সহায়ৰ হাত


কামৰূপ, ১৯ জুন (হি.স.): বৃক্কৰ জটিল ৰোগত আক্ৰান্ত ৰঙিয়াৰ হিমাশ্ৰীলৈ সহায়ত হাত আগবঢ়াইছে বিভিন্ন জনে। এই বিষয়ে সংবাদ মাধ্য়মত চৰ্চিত হোৱাৰ পিছতে হিমাশ্ৰীৰ বাসগৃহত উপস্থিত হয় ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰকে ধৰি উপ পৌৰপতি বিদ্যুৎ ডেকাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি।

উল্লেখযোগ্য যে সুদীৰ্ঘ কেইবাবছৰ ধৰি বৃক্কৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে হিমাশ্ৰীয়ে আৰু এই বাতৰি বিভিন্ন সংবাদ মাধ্যমৰ প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্ন এতিয়া সহায়ৰ হাত আগবঢ়াইছে হিমাশ্ৰীলৈ । স্বামী হাৰা মাতৃয়ে এতিয়া ৰঙিয়া বাসী তথা ৰঙিয়াৰ বিভিন্ন সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছে । এইফালে ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ উপস্থিত হৈ পৰিয়ালটোক আৰ্থিক সহায়ৰ লগতে উন্নত চিকিৎসাৰ বাবে আশ্বাস প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande