কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষা সন্দৰ্ভত আয়োগৰ ৰাজ্যসমূহলৈ পৰামৰ্শ জাৰি
নতুন দিল্লী, ১৯ জুন (হি.স.)। মহিলাসকলৰ বাবে নিৰাপদ আৰু সন্মানজনক কৰ্মক্ষেত্ৰ নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় মহিলা আয়োগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এক বিস্তৃত পৰামৰ্শ জাৰি কৰিছে। শুকুৰবাৰে জাৰি কৰা এই পৰামৰ্শত কৰ্মক্ষেত্ৰত মহিলাৰ যৌন
राष्ट्रीय महिला आयोग की अध्यक्ष विजया रहाटकर


নতুন দিল্লী, ১৯ জুন (হি.স.)। মহিলাসকলৰ বাবে নিৰাপদ আৰু সন্মানজনক কৰ্মক্ষেত্ৰ নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় মহিলা আয়োগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এক বিস্তৃত পৰামৰ্শ জাৰি কৰিছে। শুকুৰবাৰে জাৰি কৰা এই পৰামৰ্শত কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (পিঅ’এছএইচ-পোচ্ছ) আইন, ২০১৩ ফলপ্ৰসূ ৰূপায়ণৰ বাবে মূল পদক্ষেপৰ পৰামৰ্শ দিয়া হৈছে।

আয়োগে ৰাজ্যসমূহক আইন মানি চলাৰ নিয়ম নিয়মীয়াকৈ নিৰীক্ষণ কৰিবলৈ পোচ্ছ নিৰীক্ষণ কোষ বা ডিজিটেল ডেচব’ৰ্ড স্থাপন কৰিবলৈ আহ্বান জনাইছে। আয়োগে সকলো চৰকাৰী বিভাগ, ৰাজহুৱা খণ্ডৰ উদ্যোগ, শিক্ষানুষ্ঠান, চিকিৎসালয়, ব্যক্তিগত প্ৰতিষ্ঠানত আভ্যন্তৰীণ অভিযোগ সমিতি গঠন কৰাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰিও অসংগঠিত খণ্ডত কাম কৰা মহিলা, ঘৰুৱা শ্ৰমিক, আৰু ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ অভিযোগৰ সমাধানৰ বাবে স্থানীয় সমিতিসমূহ শক্তিশালী কৰাৰ পৰামৰ্শ দিয়া হৈছে।

এই পৰামৰ্শত ব্লক, তহচিল, আৰু চহৰ পৰ্যায়ত ন’ডেল বিষয়া নিযুক্তি, পি অ’ এছ এইচ আইন সম্পৰ্কে সজাগতা অভিযান, প্ৰশিক্ষণ সমিতিৰ সদস্য, অভিযোগকাৰীক হাৰাশাস্তি আৰু বৈষম্যৰ পৰা সুৰক্ষা প্ৰদানৰ নিৰ্দেশনা অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ শ্বেবক্স পৰ্টেলৰ ব্যৱহাৰক প্ৰসাৰিত কৰা আৰু অভিযোগ প্ৰক্ৰিয়া আৰু সমিতিৰ সৈতে জড়িত তথ্য ৰাজহুৱাভাৱে উপলব্ধ কৰাতো আয়োগে গুৰুত্ব আৰোপ কৰে।

আয়োগৰ অধ্যক্ষ বিজয়া ৰাহটকাৰে মহিলাৰ মৰ্যাদা আৰু সুৰক্ষাৰ লগত আপোচ কৰিব নোৱাৰি বুলি উল্লেখ কৰে। প্ৰতিটো কৰ্মক্ষেত্ৰ নিৰাপদ, সন্মানজনক হ’ব লাগে আৰু মহিলাসকলৰ বাবে সমান সুযোগ প্ৰদান কৰিব লাগে বুলি তেওঁ জোৰ দিয়ে।

এই ব্যৱস্থাসমূহে সমগ্ৰ দেশৰ মহিলাসকলৰ বাবে এক নিৰাপদ, অন্তৰ্ভুক্ত, আৰু লিংগ-সংবেদনশীল কৰ্মক্ষেত্ৰ সংস্কৃতি গঢ়ি তুলিব আৰু কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ গোচৰসমূহ প্ৰতিৰোধ আৰু ফলপ্ৰসূ প্ৰতিকাৰ নিশ্চিত কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande