
ইম্ফল, ১৯ জুন (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে পৃথকে পৃথকে অভিযানত বৃহৎ সফলতা অৰ্জন কৰি অপহৃত এজন লোকক উদ্ধাৰ কৰাৰ লগতে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ ৯ গৰাকী সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰে।
শুকুৰবাৰে প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি বৃহস্পতিবাৰে টেংগন’পাল জিলাৰ মৰেহ থানা এলেকাৰ ১ নং গেট এলেকাৰ পৰা নিৰাপত্তা বাহিনীয়ে ঙামছম বাইটে (৫০)ক নিৰাপদে উদ্ধাৰ কৰে। বি বংজাং গাঁৱৰ বাসিন্দা বাইটেক পি এছ এইচৰ সন্দেহযুক্ত উগ্ৰপন্থীয়ে অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। উদ্ধাৰ অভিযানৰ পিছতে তেওঁক পৰিয়ালক গতাই দিয়া হয়।
তদুপৰি নিৰাপত্তা বাহিনীয়ে কাকচিং জিলাৰ বিভিন্ন স্থানৰ পৰা কেচিপি (এমএফএল)ৰ চাৰিজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্ত কেইজন হৈছে মইৰাংথেম টণ্ডোম্বা সিং ওৰফে টেমে (৪৪), ৱাহেংবাম ইনাও সিং ওৰফে জেক (৪৬), নংমাইথেম ডেভিদ মেইটেই (৪২), আৰু মাইবাম লোকেন্দ্ৰ সিং (৩৮)। আৰক্ষীৰ মতে, এই উগ্ৰপন্থীসকল ধন দাবী আৰু অবৈধ অস্ত্ৰ যোগানৰ নেটৱৰ্কত জড়িত আছিল।
ইফালে মণিপুৰ আৰক্ষীয়ে ইম্ফল পূৱ জিলাৰ পৰা চাৰিজন সক্ৰিয় কেচিপি (পিডব্লিউজি) কেডাৰক গ্ৰেপ্তাৰ কৰে। ব্ৰহ্মপুৰ নহাবাম বামন লেইকাইৰ এটা বাসগৃহকে ধৰি ইম্ফল ইষ্টৰ বিভিন্ন অঞ্চলত হেণ্ড গ্ৰেনেড ৰোপণ কৰাৰ অভিযোগ উত্থাপন হৈছে। হুইড্ৰম পালিনবা সিং ওৰফে নানাও (১৯), পেবাম ৰোশন সিং (১৮), নামেইৰাকপাম জিটছন মেইটেই (১৯), আৰু মাইমম লেম্বা মেইটেই (২৮)।
আন এক অভিযানত বিষ্ণুপুৰ জিলাৰ মৈৰাং থানা এলেকাৰ পৰা কেচিপি (পিডব্লিউজি)ৰ সক্ৰিয় কেডাৰ হেমাম লাইংগম মেইটেই ওৰফে ঙাম্বা (৩৩)ক গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে।
১৬ জুনত আন এক অভিযানত ইম্ফল পূৱ জিলাৰ লামলাই থানা এলেকাৰ অন্তৰ্গত কংলা সাংগোমছাং আৱাং লেইকাইৰ পৰা আৰ পি এফ/পি এল এৰ সক্ৰিয় সদস্য আৰ পি এফ/পি এল এৰ সক্ৰিয় সদস্য আৰামবাম ছানায়াইমা মেইটেই ওৰফে আলী (৪৮)ক গ্ৰেপ্তাৰ কৰা হয়।
ৰাজ্যত উগ্ৰপন্থী কাৰ্যকলাপ, ধন দাবী, আৰু অবৈধ অস্ত্ৰৰ নেটৱৰ্ক ৰোধৰ অভিযান অব্যাহত থাকিব বুলি নিৰাপত্তা সংস্থাসমূহে প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ