
দৰং, ১৯ জুন (হি.স.)।
আপোনাৰ সন্তানক বৰফ বা আইচক্ৰীম হাতত দিয়াৰ পূৰ্বে চাই লওক এই পৰিবেশ।
মঙলদৈত বৰফ, আইচক্ৰীমৰ নামত ফেক্টৰীত প্ৰস্তুত হৈছে বৰবিহ।
অতি লেতেৰা পৰিবেশত বৰফ, আইচক্ৰীম প্ৰস্তুত কৰি আহিছে মঙলদৈৰ ফেক্টৰী কেইটাত।
অপৰিষ্কাৰ পৰিবেশত লেতেৰা পানীৰেই প্ৰস্তুত কৰিছে এইসমূহ খাদ্য।
বিশেষকৈ মঙলদৈ চহৰৰ মাছৰ বজাৰৰ লগতে লাগি থকা কেইবাটাও বৰফ ফেক্টৰীত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই।অভিযানৰ সময়ৰ ফেক্টৰীৰ পৰিবেশ দেখিলে আপোনাৰো কপালত উঠিব চকু। আইচক্ৰীমত ব্যৱহাৰ কৰা জুলীয়া পদাৰ্থ সমূহৰো নিৰ্ধাৰিত সময় (Expery Date) কেতিয়াবাই উকলি যোৱা।
এনেদৰে কণ কণ লৰা ছোৱালীৰ ভৱিষ্যতকলৈ হেতালি খেলিছে এইসকল বৰফ ব্যৱসায়ীয়ে।
দৰং জিলা প্ৰশাসনে এই সমূহ দেখি ব্যৱসায়ীৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেইয়া হব লক্ষণীয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা