
তামুলপুৰ, ১৯ জুন (হি.স.)। অপাৰেচন নিৰ্ভয়া”ৰ অধীনত বৃহৎ সফলতা।
চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে অসমৰ পৰা বিহাৰলৈ নিয়া ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এন এইছ আৰ চি)ৰ সদস্য প্ৰিয়ংক কানুনগোৰ নিৰ্দেশনাত চলোৱা এক বৃহৎ যুটীয়া অভিযানত সশস্ত্ৰ সীমা বল (এছ এছ বি) তেজপুৰ (অসম), বিহাৰ আৰক্ষী, মিছন মুক্তি ফাউণ্ডেচন (নতুন দিল্লী), ৰেচকিউ এণ্ড ৰিলিফ ফাউণ্ডেচন আৰু অন্যান্য সামাজিক সংগঠনৰ সহযোগত এটা বৃহৎ মানৱ সৰবৰাহকাৰী চক্ৰ ফাদিল কৰা হৈছিল।
চৰকাৰী চাকৰিৰ মিছা প্ৰলোভনেৰে অসমৰ পৰা বিহাৰলৈ নি বন্দী কৰি ৰখা মুঠ ১১৫ গৰাকী যুৱক-যুৱতীক নিৰাপদে উদ্ধাৰ কৰে এছ এছ ব ৰ অধীনত থকা সংস্থা টিয়ে। উদ্ধাৰ হোৱা ভুক্তভোগীসকলৰ ভিতৰত ৪৮ গৰাকী যুৱতী আৰু ৬৭ জন যুৱক আছে, যাৰ ভিতৰত কেইবাগৰাকীও নাবালকো অন্তৰ্ভুক্ত আছে।
এই মানৱ সৰবৰাহকাৰী চক্ৰটোৱে অসমৰ তামুলপুৰ জিলাৰ ভাৰত-ভুটান সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা অতি দৰিদ্ৰ তথা অসহায় পৰিয়ালসমূহক লক্ষ্য কৰি লৈছিল।
সৰবৰাহ কাৰী ৯ জন লোককো গ্ৰেপ্তাৰ কৰে এছ এছ বি য়ে।
পৰবৰ্তী সময়ত এনে ধৰনৰ খৱৰ পালে মঙ্গলদৈৰ বেজপাৰা স্থিত এছ এছ বি কেম্পত জনাবলৈ আহ্বান জনাইছে এছ এছ বি ৰ উদ্ধাৰকাৰী দলৰ অধিনায়ক মনোজ কুমাৰ শৰ্মাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা