পশ্চিম বংগৰ কলাইকুণ্ড বিমানবন্দৰলৈ ৰাওনা ৰাষ্ট্ৰপতি
ভূপাল, ১৯ জুন (হি.স.)। মধ্য প্ৰদেশ ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু শুকুৰবাৰে পশ্চিম বংগৰ কলাইকুণ্ড বিমানবন্দৰলৈ ৰাওনা হয়। আজি বিয়লি ইন্দোৰৰ দেৱী অহিল্যাবাই হোলকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী ড০ মোহন য
राष्ट्रपति को इन्दौर एयरपोर्ट पर दी विदाई देते हुए राज्यपाल-मुख्यमंत्री


ভূপাল, ১৯ জুন (হি.স.)। মধ্য প্ৰদেশ ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু শুকুৰবাৰে পশ্চিম বংগৰ কলাইকুণ্ড বিমানবন্দৰলৈ ৰাওনা হয়। আজি বিয়লি ইন্দোৰৰ দেৱী অহিল্যাবাই হোলকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ লগতে জনপ্ৰতিনিধি, সামৰিক বিষয়া, আৰু উচ্চ প্ৰশাসনিক বিষয়াসকলে তেওঁক উষ্ম বিদায় দিয়ে।

খাণ্ডৱা জিলাৰ ওমকাৰেশ্বৰত বিশ্ব ছিকেল চেল দিৱস উপলক্ষে আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছতে বিয়লি ইন্দোৰ বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতি মুৰ্মু। ভ্ৰমণৰ প্ৰথম লেগ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ নিৰ্ধাৰিত এংগেজমেণ্টৰ বাবে ৰাওনা হ’ল।

ইন্দোৰ জিলা প্ৰশাসনৰ তথ্য অনুসৰি ৰাষ্ট্ৰপতি মুৰ্মু ইন্দোৰৰ পৰা পশ্চিম বংগৰ কলাইকুণ্ড বিমানবন্দৰলৈ ৰাওনা হয়। ৫ দিনীয়া মধ্যপ্ৰদেশ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ বাবে অহা ২০ জুন শনিবাৰে সন্ধিয়া ৬:১০ বজাত বিমানযোগে জবলপুৰ বিমানবন্দৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী। তাৰ পৰা তেওঁ চাৰ্কিট হাউচলৈ ৰাওনা হ’ব। জবলপুৰৰ চাৰ্কিট হাউচত নিশা তেওঁ অতিবাহিত কৰিব। ইয়াৰ পিছত ২১ জুন তাৰিখে পুৱা ৭:২০ বজাত জবলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। এই কাৰ্যসূচীৰ পিছতে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়, জবলপুৰৰ ৩৬ সংখ্যক কনক্লেভত মুখ্য অতিথি হিচাপে পুৱা ১১:৪০ বজাত অংশগ্ৰহণ কৰিব।

ইয়াৰ পিছতে দিনৰ ১:২০ বজাত জবলপুৰ বিমানবন্দৰৰ পৰা গোৱালিয়ৰ অভিমুখে ৰাওনা হ’ব। দুপৰীয়া ২:২০ বজাত গোৱালিয়ৰত উপস্থিত হ’ব মুৰ্মু। তাৰ পৰা হেলিকপ্টাৰেৰে কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ ৰাওনা হ’ব। বিয়লি ৩:৩৫ বজাত তেওঁ উপস্থিত হ’ব কুনো গেষ্ট হাউচত। কুনো অতিথিশালাত নিশা কটাব ৰাষ্ট্ৰপতিগৰাকীয়ে। পিছদিনা ২২ জুনত পুৱা ৬:৩০ বজাত কুনো ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব।

ৰাতিপুৱা ১০:২০ বজাত কুনো ৰাষ্ট্ৰীয় উদ্যানৰ হেলিপেডৰ পৰা ৰাওনা হ’ব, ১১:০৫ বজাত গোৱালিয়ৰ বিমানবন্দৰত উপস্থিত হ’ব, আৰু ১১:১৫ বজাত গোৱালিয়ৰ বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হ’ব। ৰাষ্ট্ৰপতিৰ পাঁচদিনীয়া ভ্ৰমণ সন্দৰ্ভত প্ৰশাসন সজাগ, আৰু বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। সকলো ইভেণ্ট ভেন্যুতে উচ্চ নিৰাপত্তা আৰু ন’ ফ্লাইং জ’ন ঘোষণা কৰা হৈছে।

ইন্দোৰ বিমানবন্দৰত ৰাজ্যপাল পেটেল আৰু মুখ্যমন্ত্ৰী ড০ যাদৱৰ সৈতে নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়া, জলসম্পদ মন্ত্ৰী তুলসীৰাম চিলাৱাট, সাংসদ শংকৰ লালৱানী, বিধায়ক মহেন্দ্ৰ হৰ্দিয়া, ৰমেশ মেণ্ডোলা, আৰু মালিনী গৌৰ, আৰু মেয়ৰ পূষ্যমিত্ৰ ভাৰ্গৱে তেওঁক উষ্ম বিদায় দিয়ে।

এই উপলক্ষে কমাণ্ডেণ্ট লেফটেনেণ্ট জেনেৰেল বিজয় বি নায়াৰ, বিভাগীয় আয়ুক্ত ডাঃ সুদম খাদে, আৰক্ষী আয়ুক্ত সন্তোষ সিং, আৰু জনপ্ৰতিনিধিকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande