পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ শ্ৰমিকৰ
চিৰাং, ১৯ জুন (হি.স.)। পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ শ্ৰমিকৰ। মাতৃৰ বিয়োগৰ বাবে ঘৰলৈ উভতি আহি থকা অৱস্থাত মৃত্যু হয় লোকজনৰ। মাতৃৰ শ্ৰাদ্ধৰ বাবে ঘৰলৈ আহি থকা যুৱকজন আৰু সোঁশৰীৰে আহি নাপায়, আহিব নশ্বৰদেহ হৈ। এই কৰুণ ঘটনাটো চিৰাং জিলাৰ বিজনীৰ ভটুৱাবা
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ শ্ৰমিকৰ


চিৰাং, ১৯ জুন (হি.স.)। পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ শ্ৰমিকৰ। মাতৃৰ বিয়োগৰ বাবে ঘৰলৈ উভতি আহি থকা অৱস্থাত মৃত্যু হয় লোকজনৰ। মাতৃৰ শ্ৰাদ্ধৰ বাবে ঘৰলৈ আহি থকা যুৱকজন আৰু সোঁশৰীৰে আহি নাপায়, আহিব নশ্বৰদেহ হৈ। এই কৰুণ ঘটনাটো চিৰাং জিলাৰ বিজনীৰ ভটুৱাবাৰীৰ। স্থানীয় বাবুলাল বৰ্মন নামৰ যুৱকজনে গুজৰাটৰ আশাপুৰা নামৰ এটা কোম্পানীত ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল।

কিন্তু ইয়াৰ মাজতে মাতৃৰ বিয়োগৰ খবৰ লাভ কৰি ১৭ জুন তাৰিখে ঘৰলৈ বুলি কোম্পানীৰ পৰা ওলাই অহাৰ পাছতে ঘৰৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। কিন্তু কালি আবেলি হঠাৎ বাবুলাল বৰ্মনক মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি খবৰ আহে ঘৰলৈ।এই ঘটনাই ঘৰখনত মাতৃৰ বিয়োগৰ শোকৰ ওপৰতে আন এক শোকৰ বোজা আহি পৰে পৰিয়াল আৰু আত্মীয়- স্বজনৰ ওপৰত।কি কাৰণত কেনেকৈ মৃত্যু হ'ল নে কোনোবাই হত্যা কৰিলে এয়া ৰহস্যৰ আৱৰ্তত। ঘটনাৰ উচিত তদন্ত বিচাৰিছে পৰিয়ালৰ লোকে।অসম চৰকাৰে যাতে উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰে ইয়াৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

আজি মাতৃৰ দহা।এই ঘটনাই পৰিয়ালৰ লগতে পৰিয়ালৰ লগতে স্থানীয় লোকৰ মাজতো শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande