দুশ বছৰ গৰকা ঐতিহাসিক চিনাতলী বৰনামঘৰৰ বৰসবাহ মহোৎসৱ
গোলাঘাট, ১৯ জুন (হি.স.)। উদুলি-মুদুলি গোলাঘাট জিলাৰ চিনাতলী ৷ দুশ বছৰ গৰকা ঐতিহাসিক চিনাতলী বৰনামঘৰৰ বৰসবাহ মহোৎসৱ উপলক্ষে গাঁওখনত ভক্তিভৰা পৰিবেশ ৷ প্ৰায় ৭৫০ ঘৰ অংশীদাৰ থকা নামঘৰটোত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পানীতোলা আৰু বৰসবাহ
দুশ বছৰ গৰকা ঐতিহাসিক চিনাতলী বৰনামঘৰৰ বৰসবাহ মহোৎসৱ


গোলাঘাট, ১৯ জুন (হি.স.)। উদুলি-মুদুলি গোলাঘাট জিলাৰ চিনাতলী ৷ দুশ বছৰ গৰকা ঐতিহাসিক চিনাতলী বৰনামঘৰৰ বৰসবাহ মহোৎসৱ উপলক্ষে গাঁওখনত ভক্তিভৰা পৰিবেশ ৷

প্ৰায় ৭৫০ ঘৰ অংশীদাৰ থকা নামঘৰটোত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পানীতোলা আৰু বৰসবাহ মহোৎসৱ। প্ৰায় ৫০ কুইন্টল পিঠাগুৰিৰে প্ৰস্তুত কৰিছে কেইবা লক্ষাধিক পকা মিঠৈ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দহ সহস্ৰাধিক ভকত-বৈষ্ণৱৰ আগমন ঘটিব বৰসবাহ উপলক্ষে । পানীতোলা ধৰ্মীয় শোভাযাত্ৰাত প্ৰাণচঞ্চল পৰিবেশ । গজৰাজে আৰম্ভ কৰা ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে শিশুৰ পৰা বৃদ্ধলৈকে ৷ ঠায়ে ঠায়ে আদৰিছে সেৱকীয়ে ৷ মূল বৰসবাহৰ কাৰ্যসূচীত নামপ্ৰসংগ,দিহানাম-হিয়ানামেৰে ভক্তিৰসত বুৰ যাব সকলো ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande