শ্বোপিয়ানত আটক তিনিজন লোক, গ্ৰেণেড আৰু বিস্ফোৰক উদ্ধাৰ
জম্মু, ১৯ জুন (হি.স.)। দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত তিনিজন লোকক আটক কৰিছে নিৰাপত্তা বাহিনীয়ে । তেওঁলোকৰ পৰা বিস্ফোৰক আৰু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, চোৰাংচোৱাৰ ভিত্তিত আৰক্ষীয়ে শ্বপিয়ানৰ পুডুছু
শ্বোপিয়ানত আটক তিনিজন লোক, গ্ৰেণেড আৰু বিস্ফোৰক উদ্ধাৰ


জম্মু, ১৯ জুন (হি.স.)। দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত তিনিজন লোকক আটক কৰিছে নিৰাপত্তা বাহিনীয়ে । তেওঁলোকৰ পৰা বিস্ফোৰক আৰু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, চোৰাংচোৱাৰ ভিত্তিত আৰক্ষীয়ে শ্বপিয়ানৰ পুডুছু অঞ্চলত অভিযান চলাই বেগম গাঁৱৰ তিনিজন বাসিন্দাক আটক কৰে । ইয়াৰ পৰা দুটা গ্ৰেনেড, চাৰিটা হিজবুল মুজাহিদীনৰ পোষ্টাৰ, ২.৫ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী, চাৰিটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande