যোগীঘোপা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
যোগীঘোপা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।
যোগীঘোপা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান


বঙাইগাঁও, ১৯ জুন (হি.স.): বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । যোৱা কালি বৃহস্পতিবাৰে নিশা চলোৱা অভিযানত বৃহৎ পৰিমাণৰ হেৰইন সহ গ্ৰেপ্তাৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী । যোগীঘোপা আৰক্ষীয়ে চলন্তাপাৰা ST.XIVERS PUBLIC SCHOOL ৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক ।

ধৃত ড্ৰাগছ ব্যৱসায়ীজন কাবাইটাৰী পঞ্চম খণ্ড গাঁৱৰ ৰফিকুল ইছলাম।ড্ৰাগছ সৰবৰাহ কৰিবলৈ ধৰাতে আৰক্ষীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰে ৰফিকুল ইছলামক । যোগীঘোপা আৰক্ষীয়ে বঙাইগাঁও RFT ৰ সহযোগত গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী ৰফিকুল ইছলামক।আৰক্ষীয়ে হেৰইনসহ বৃহৎ পৰিমাণৰ কণ্টেইনাৰ উদ্ধাৰ কৰে । পূৰ্বে বঙাইগাঁও আৰু গোৱালপাৰা জিলাত ড্ৰাগছ সৰবৰাহ কৰি জেললৈ গৈছিল ৰফিকুল ইছলাম । দীৰ্ঘ দিনৰ পৰা ৰফিকুল ইছলাম আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । আৰক্ষীয়ে ৬১ টা হেৰইন ভৰ্তি কণ্টেইনাৰত ৮৩.২৫ গ্ৰাম হেৰইন, মোবাইল ফোন আৰু এএছ ১৯ আৰ ১৩৬৭ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে । ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande