
গোলাঘাট, ১৯ জুন (হি.স.)। বিগত ১৪ জুনত ৰহস্যজনক ভাৱে মক্ৰং চাহ বাগিচাৰ জনশূন্য স্থানত থকা এটা ডাষ্টবিনৰ পৰা উদ্ধাৰ হৈছিল গোলাঘাট জিলা মক্ৰং পঞ্চায়তৰ লোণপুৰীয়া গাঁৱৰ একাদশ বৰ্ষৰ ছাত্ৰ অচিন্ত্য ৰাজখোৱাৰ মৃতদেহ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷
ইফালে উক্ত মৃত্যুৰ ঘটনাক সহজভাৱে লৱ পৰা পৰিয়ালৰ লোকৰ লগতে অঞ্চলটোৰ ৰাইজে৷ দুৰ্ভগীয়া পৰিয়ালটো কাষত কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,আটাছু,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি ভালেকেইটা সংগঠনৰ বিষয়ববীয়া উপস্থিত হৈ ঘটনা বিষয়ে আলোচনা কৰা লগতে ঘিলাধাৰী আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়াক সাক্ষাৎ কৰি দোষীক চিনাক্ত কৰি শীঘ্ৰে কৰায়ত্ত কৰিবলৈ দাবী জনায়৷ অন্যথা আটায়কেইটা সংগঠনে অনাগত দিনত গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী লব বুলি সদৰী কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা