
শিৱসাগৰ, ১৯ জুন (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰাৰ গড়আলিত যোৱা কালি বৃহস্পতিবাৰে নিশা এটি প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰা হয় ৷ বন বিভাগে পতা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় এই প্ৰকাণ্ড নাহৰফুটুকীটো ৷
আজি কিছুদিন ধৰি নাহৰফুটুকী বাঘটোৱে নিধন কৰি আহিছিল পশুধন ৷ ইয়াৰ পিছতে স্থানীয় ৰাইজৰ আৱেদনৰ ভিত্তিত বন বিভাগে নাৰহফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা স্থাপন কৰে। এই পিঞ্জৰাতে আৱদ্ধ হৈ পৰে প্ৰকাণ্ড নাহৰফুটুকীটো ৷ বনবিভাগে নিশাই উদ্ধাৰ কৰে বাঘটো ৷ আনহাতে বৰ্তমানেও আৰু কেইবাটাও বাঘ থকাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ