
গুৱাহাটী, ১৯ জুন (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা ২৩.৬৩ লাখ টকাৰ জাল নোট জব্দ কৰিব সক্ষম হয়। তালাচীৰ সময়ত ১ নং প্লেটফৰ্মৰ পৰা জালনোট খিনি জব্দ হোৱাত জাল নোট সৰবৰাহৰ সৈতে জৰিত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত সৰবৰাহকাৰী কেইজন হৈছে সমৰ ৱালাল, বিবেক কুমাৰ আৰু সুৰজান সিং। আৰক্ষীয়ে জনোৱা মতে, তিনিওজনে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিবলৈ আহিছিল, তেতিয়াই তেওঁলোকৰ হাতত কোনো অচিনাকি ব্যক্তিয়ে বেগ এটা দিয়াৰ অভিযোগ উত্থাপন হৈছে।
ধৃত লোক কেইজনে তদন্তকাৰী আৰক্ষীক জনোৱা অনুসৰি, এজন অচিনাকি ব্যক্তিয়ে তেওঁলোকক এখন বাহনত লিফ্টৰ প্ৰস্তাৱ দিছিল আৰু পিছত বেগটো দিছিল, উত্তৰ প্ৰদেশৰ আলিগড়লৈ পঠিয়াবলৈ কয়। কিন্তু তালাচীৰ সময়ত আৰক্ষীয়ে বেগটোত বৈধ সামগ্ৰীৰ পৰিৱৰ্তে জালনোট থকা বুলি জানিব পৰা গৈছে।
বিষয়াসকলে সন্দেহ কৰিছে যে তিনিওজনক অজানিতে বা ইচ্ছাকৃতভাৱে বৃহত্তৰ জালনোটৰ সৰবৰাহত কেৰিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। চলি থকা তদন্তৰ অংশ হিচাপে তেওঁলোকৰ ভূমিকা পৰীক্ষা কৰা হৈছে।
জালনোটৰ উৎস বিচাৰি উলিয়াবলৈ আৰু নেটৱৰ্কৰ সৈতে জড়িত আন লোকক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে বিতং তদন্ত আৰম্ভ কৰিছে। সম্প্ৰতি অভিযুক্তৰ জেৰা অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ