
গোলাঘাট, ১৯ জুন (হি.স.)। দেৰগাঁৱত যানজঁটৰ বিৰুদ্ধে পৌৰসভাৰ উচ্ছেদ অভিযান। দীৰ্ঘদিনীয়া যানজঁট সমস্যা সমাধানৰ লক্ষ্যৰে আজি দেৰগাঁও পৌৰসভা, সমজিলা প্ৰশাসন আৰু আৰক্ষীয়ে নগৰৰ মাজমজিয়াত এক যুটীয়া উচ্ছেদ অভিযান চলায়। দেৰগাঁও চাৰিআলিৰ পদপথত অবৈধভাৱে থকা দোকান সমূহ ভাঙি দি প্ৰশাসনে যান-বাহন চলাচল সূচল কৰাৰ পদক্ষেপ লৈছে।
উচ্ছেদিত ব্যৱসায়ী সকলৰ বাবে নগৰৰ নৰেন শৰ্মা স্মৃতি পথাৰত দোকান পতাৰ বিকল্প ব্যৱস্থা কৰি দিছে পৌৰসভাই। নগৰ খনক সুশৃংখল কৰি ৰাখিবলৈ এই অভিযান অনাগত দিনতো অব্যাহত থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু