
কাৰ্বি আংল, ১৮ জুন (হি.স.)। ষষ্টদহ দশ অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবেএন ডি এ ৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছে পশ্চিম কাৰ্বি আংলঙৰ ১১২ নং আমৰি বিধানসভা সমষ্টিৰ প্ৰথমবাৰৰ বিধায়ক ডাঃ হাৱে টেৰণ। মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই টেৰণৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে কাৰ্বি পাহাৰত আনন্দৰ জোৱাৰ উঠিছে।
কালি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কাৰ্বি আংলঙৰ চি ই এম তুলিৰাম ৰংহাঙে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ অন্তত নিশা দেৰিকৈ হ'লেও ডাঃ হাৱে টেৰণে সংবাদ মাধ্যমৰ মুখামুখি হৈ তেওঁৰ নামটো উপাধ্যক্ষ পদৰ বাবে মনোনীত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।
উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ' সমষ্টিক দ্বিখণ্ডিত কৰি ৰংখাং আৰু আমৰি সমষ্টি গঠন কৰা হৈছিল।
পোনপ্ৰথমবাৰৰ বাবে এটা নতুন সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈয়ে বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ পদ লাভ কৰাটো নৱনিৰ্বাচিত বিধায়কগৰাকীৰ বাবে গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু