
বৰপেটা, ১৯ জুন (হি.স.)। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলেজা গাঁৱৰ বোৱাৰী সাইমনা নামৰ মহিলা গৰাকীৰ ছীমকাৰ্ড পৰ্ট কৰিবলৈ লৈ বিভিন্ন অজুহাতত দেখুৱাই নতুনকৈ ছীমকাৰ্ড নিদিয়ে । লগতে সাইমনাক জনায় যে তাইৰ ছীমকাৰ্ড বেয়া হৈছে ।ইফালে কলকাতাৰ পৰা গুইলেজা গাঁৱৰ গাওঁ প্ৰধানৰ ওচৰত এখনি জাননী আহে যে কলকাতাৰ পৰা হেৰুৱা আইফোন এটাত সাইমনা খাতুনৰ উক্ত ছীমকাৰ্ড ব্যাৱহাৰ হোৱাৰ তথ্য।
গাওঁ প্ৰধানৰ খৱৰ কৰাত মহিলা গৰাকী হতভম্ব হৈ পৰে আৰু ছীমকাৰ্ড কাণ্ডৰ উৰহী গছৰ ওৰ ওলাই পৰে। কালি সন্ধিয়া সময়ত লাচাংগাত ভুক্তভূগী সাইমনাৰ ককায়কে ৰাইজৰ সহযোগত আৱদ্ধ কৰি কলগাছিয়া আৰক্ষীক খৱৰ দিয়ে। পৰবৰ্তী সময়ত কলগাছিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কদম আলীক থানালৈ লৈ আনে। আৰক্ষীৰ তদন্ততহে ওলাই পৰিব ইয়াৰ লগত কোন কোন জড়িত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ