
শোণিতপুৰ, ১৯ জুন (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটত এটা লম্পট যুৱকৰ যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী নাবালিকাৰ অৱশেষত আজি মৃত্যু হয় । জামুগুৰিহাটৰ খ্ৰীষ্টান বস্তি অঞ্চলৰ মংগলবৰীয়া গাঁৱৰ অপু বৰা ওৰফে প্ৰিঞ্চ নামৰ যুৱক জনে নিকটৱৰ্তী গাঁৱৰ এগৰাকী নাবালিকাৰ লগত বিভিন্ন চলাহি কথাৰে দীৰ্ঘ দিনৰ পৰা চলাই আহিছিল যৌন নিৰ্যাতন ।
প্ৰাপ্ত তথ্য মতে এই অপকৰ্মৰ ফলত নাবালিকা গৰাকী অন্তসত্বা হোৱাৰ ঘটনা পোহৰলৈ অহাত যুৱক জনৰ কু-কৰ্মৰ কথাও পোহৰলৈ আহে । এই সন্দৰ্ভত নাবালিকাৰ পৰিয়ালে জামুগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত অপু বৰাক গ্ৰেপ্তাৰ কৰি ইতিমধ্যেই জেল হাজোতলৈ প্ৰেৰণ কৰিছে । নৱম শ্ৰেণীৰ ছাত্ৰী নাবালিকা ৰোচনি ছেত্ৰী তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল যদিও অৱশেষত অকাল মৃত্যুক সাৱতি লবলগীয়া হয় । আজি মৃতদেহ আহি পোৱাৰ মাত্ৰকে লোকে লোকাৰণ্য হৈ পৰে দুৰ্ভগীয়া নাবালিকা গৰাকীৰ বাসভৱনৰ চৌহদ ৷ পিতৃ আৰু স্হানীয় ৰাইজে ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি আৰক্ষী প্ৰশাসনক বিষয়টোৰ এক উচিত তদন্তৰ জৰিয়তে হত্যাকাৰীৰ ফাচিৰ দাবী উত্থাপন কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ