
বাক্সা, ১৯ জুন
(হি.স.)।
নিবনুৱা সমস্যাই ৰাজ্যৰ যুৱ প্ৰজন্মক জুৰুলা কৰি থকাৰ সময়তে বাক্সা জিলাৰ শালবাৰীৰ অক্সিগুৰিৰ এগৰাকী উদ্যমী যুৱকে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ এক নতুন নিদৰ্শন দাঙি ধৰিছে। চাকৰিৰ আশা বাদ দি নিজৰ ভৰিত নিজে থিয় হোৱাৰ সংকল্প লৈ বিষ্ণু দৈমাৰী নামৰ যুৱকজনে আৰম্ভ কৰিছে এক কৃষি বিপ্লৱ। হাবি-জংগলেৰে ভৰা হাকোৱা নদীৰ বালিচহীয়া মাটিক সাৰুৱা কৰি তেওঁ নিজাববীয়াকৈ প্ৰায় ৪০ বিঘা আৰু সমবায় ভিত্তিত ৫০-৬০ বিঘা, অৰ্থাৎ মুঠ প্ৰায় ১০০ বিঘা মাটিত মালভোগ কলৰ খেতি কৰিছে।
কোনো চৰকাৰী সহায় অবিহনে নিজৰ কষ্ট আৰু প্ৰচেষ্টাৰে এই বিশাল কৃষি প্ৰকল্প গঢ়ি তুলি তেওঁ ইতিমধ্যে অঞ্চলটোৰ বাবে এক আদৰ্শ হৈ পৰিছে। যুৱ কৃষক বিষ্ণু দৈমাৰীয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰতি বিঘা মালভোগ কলৰ খেতিৰ পৰা বছৰি প্ৰায় ৫০ হাজাৰ টকাতকৈ অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হয়।
তেওঁৰ এই কৃষিকৰ্মত প্ৰতিদিনে ১০-১২ গৰাকী স্থানীয় লোকক নিয়োগ কৰি তেওঁলোকৰো উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে। চাকৰিৰ পাছত দৌৰি সময় নষ্ট নকৰি যুৱ প্ৰজন্মক কৃষি পথাৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই বিষ্ণু দৈমাৰীয়ে কয়—“ৰাজপথত নহয়, খেতিপথাৰতহে আজিৰ প্ৰজন্মই প্ৰকৃত অৰ্থত কৃষি বিপ্লৱৰ সূচনা কৰিব পাৰে।” এই কৃষি বিপ্লৱৰ প্ৰসাৰ আৰু অধিক সৱলীকৰণৰ বাবে তেওঁ ৰাজ্যৰ কৃষিমন্ত্ৰী পিয়ুষ হাজৰিকাক তেওঁৰ এই কৃষি পথাৰ খন পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সহায়-সহযোগিতা কামনা কৰিছে। বিষ্ণু দৈমাৰীৰ এই প্ৰচেষ্টাই এতিয়া বাক্সা জিলাৰ নিবনুৱা যুৱক সকলৰ বাবে এক নতুন প্ৰেৰণাৰ উৎস হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা