ধুবুৰীৰ পৰা নিৰুদ্দেশ এজন ২৯ বছৰীয়া যুৱক
ধুবুৰীৰ পৰা নিৰুদ্দেশ এজন ২৯ বছৰীয়া যুৱক।
ধুবুৰীৰ পৰা নিৰুদ্দেশ এজন ২৯ বছৰীয়া যুৱক


ধুবুৰী, ১৯ জুন (হি.স.): ধুবুৰীৰ পৰা নিৰুদ্দেশ হৈ পৰিছে এজন ২৯ বছৰীয়া যুৱক । যুৱক জনৰ নাম বাবৰ আলী বুলি জনা গৈছে। যুৱকজনৰ ঘৰ ১০ নং মাজেৰচৰত ।

জানিব পৰামতে, যোৱা ১৭ মে’ৰ পুৱা ৮ বজাত ঘৰৰ পৰা ধুবুৰী চহৰ লৈ ওলাই আহিছিল যুৱক জন । সন্ধানহীন যুৱকজন মানসিক ভাৱে বিকাৰগ্ৰস্ত বুলি কোৱা হৈছে । এই সন্দৰ্ভত ধুবুৰী সদৰ থানাত ইতিমধ্যেই ৰুজু কৰা হৈছে গোচৰ । আনহাতে কোনো ব্যক্তিয়ে যুৱকজনৰ সন্ধান লাভ কৰিলে 6002409563/9954623915 নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande