গৌৰীপুৰত শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
গৌৰীপুৰত শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ।
গৌৰীপুৰত শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ


ধুবুৰী, ১৯ জুন (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে । গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলৱাৰ হুছেইনৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্ত শিক্ষক দিলৱাৰ হুছেইন সমাজ বিজ্ঞানৰ শিক্ষক । বিদ্যালয়ৰ শ্ৰেণী কোঠাতেই এই দুষ্কাৰ্যৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ পিছতে স্কুলৰ অধ্যক্ষই গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

এজাহাৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে অভিযুক্ত শিক্ষকজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে ।ঘটনাক লৈ পৰিয়ালৰ লোকে অভিযুক্ত শিক্ষকৰ কঠোৰ শাস্তিৰ দাবী জনাইছে । ইফালে এই ঘটনাৰ পিছতে বিদ্যালয়ত ছাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰশ্নক লৈ এতিয়া চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande