
নগাঁও, ১৯ জুন (হি.স.)। গুৰুজনাৰ পবিত্ৰ জন্মস্থান, দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা ধামত চিৰপ্ৰবাহিত হৈ থকা সাংস্কৃতিক আধাৰ গীত, নৃত্য আৰু বাদ্যৰ প্ৰচাৰ প্ৰসাৰ আৰু হেৰাই যাব খোজা সাংস্কৃতিক উপাদান সমূহৰ সংৰক্ষণ লগতে নৱপ্ৰজন্মৰ মাজলৈ বোৱাই নিয়াৰ মহান প্ৰয়াস কৰিছে শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। পৰিচালনা সমিতিৰ দ্বাৰা সেই মহান প্ৰয়াসক আগত ৰাখি কিছু দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰা হৈছে।
তাৰেই প্ৰথম কাৰ্যসূচী হিচাপে অহা ২৬, ২৭ আৰু ২৮ জুনত তিনিদিনীয়া কাৰ্য্যসূচীৰে গীত, নৃত্য আৰু খোলবাদ্য বিষয়ক আলোচনাচক্ৰ-২০২৬ আয়োজন কৰা হৈছে। নৃত্যাচাৰ্য যতীন গোস্বামী, ড০ মল্লিকা কন্দলি, ড০ হেমচন্দ্ৰ গোস্বামী, তৰালী শৰ্মাকে আদি কৰি ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট পণ্ডিত, গৱেষক, শিল্পীৰ উপস্থিতিতঅনুষ্ঠিত হবলগিয়া এই সাংস্কৃতিক কাৰ্যসূচী সম্পৰ্কে আজি সংবাদমেল যোগে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাগৃহত অনুষ্ঠিত সংবাদমেলত পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱগোস্বামী, সাধাৰণ সম্পাদক লাচিত বৰদলৈ, ধনভৰালী বদন কলিতাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা