চিআৰএছৰ দ্বাৰা কাটিহাৰ–কুৰেথা আৰু কাটিহাৰ–সোনাইলি দ্বৈত ৰে’লপথ খণ্ডসমূহৰ পৰিদৰ্শন আৰম্ভ
গুৱাহাটী, ১৮ জুন (হি.স.)। কলকাতাৰ উত্তৰ-পূব সীমান্ত চক্ৰৰ, ৰেলৱে সুৰক্ষা আয়ুক্ত সুমিত সিংঘলে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ মণ্ডলৰ অধীনৰ কাটিহাৰ (১.৩৮০ কিঃমি.)– কুৰেথা (১২.৪৪০ কিঃমি.) আৰু কাটিহাৰ (১.৩২৭ কিঃমি.)– সোনাইলি (১৭.৫৪২ কিঃমি.)ৰ মাজৰ খণ্ড
চিআৰএছৰ দ্বাৰা কাটিহাৰ–কুৰেথা আৰু কাটিহাৰ–সোনাইলি দ্বৈত ৰেলপথ খণ্ডসমূহৰ পৰিদৰ্শন


গুৱাহাটী, ১৮ জুন (হি.স.)। কলকাতাৰ উত্তৰ-পূব সীমান্ত চক্ৰৰ, ৰেলৱে সুৰক্ষা আয়ুক্ত সুমিত সিংঘলে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ মণ্ডলৰ অধীনৰ কাটিহাৰ (১.৩৮০ কিঃমি.)– কুৰেথা (১২.৪৪০ কিঃমি.) আৰু কাটিহাৰ (১.৩২৭ কিঃমি.)– সোনাইলি (১৭.৫৪২ কিঃমি.)ৰ মাজৰ খণ্ডসমূহৰ নৱনিৰ্মিত ব্ৰড গজ দ্বৈত ৰেলপথৰ বিধিসন্মত পৰিদৰ্শন চলি আছে। এই পৰিদৰ্শন কাৰ্যসূচী ১৭ জুন, ২০২৬ তাৰিখে আৰম্ভ হয় আৰু ১৯ জুন, ২০২৬ পৰ্যন্ত চলিব। এই খণ্ডসমূহ কাটিহাৰ–কুমেদপুৰ আৰু কাটিহাৰ–মুকুৰিয়া নতুন দ্বৈত ৰেলপথ প্ৰকল্পৰ অংশ।

কাটিহাৰ–কুমেদপুৰ আৰু কাটিহাৰ–মুকুৰিয়া নতুন দ্বৈত ৰেলপথ প্ৰকল্পটো হৈছে অঞ্চলটোৰ ৰেল ক্ষমতা আৰু পৰিচালন দক্ষতা বৃদ্ধি কৰাৰ লক্ষ্যেৰে নিৰ্মাণ কৰা ৬৪.১৪ কিঃমিঃৰ সৰ্বমুঠ দৈৰ্ঘ্যৰে বিস্তৃত হৈ থকা আন্তঃগাঁথনি উন্নয়নৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰকল্পটোত ২ খন গুৰুত্বপূৰ্ণ সেতু, ২৭ খন বৃহৎ সেতু আৰু ২৩ খন সৰু সেতুৰ লগতে বিস্তৃত ট্ৰেক আৰু সংশ্লিষ্ট ৰেলৱে আন্তঃগাঁথনি অন্তৰ্ভূক্ত কৰা হৈছে। সম্পূৰ্ণ হোৱাৰ পিছত এই দ্বৈত ৰে’লপথ কৰিড'ৰে ১৬ টা ৰেলৱে ষ্টেচনক সেৱা আগবঢ়োৱাৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ মণ্ডলত উন্নত ৰেল পৰিচালন, ৰেলপথৰ বৰ্ধিত ক্ষমতা আৰু যানজট হ্ৰাস কৰাৰ লগতে যাত্ৰী আৰু মালবাহী ৰেল পৰিচালন অধিক ফলপ্ৰসূ কৰি তুলিব। কাটিহাৰ–কুৰেথা আৰু কাটিহাৰ–সোনাইলি খণ্ডসমূহৰ চিআৰএছ পৰিদৰ্শন হৈছে এই প্ৰকল্পটোৰ অগ্ৰগতিৰ এক অগ্ৰণী পদক্ষেপ।

পৰিদৰ্শন কাৰ্যসূচীৰ সময়চোৱাত সুমিত সিংঘলে ষ্টেচন আন্তঃগাঁথনি, ট্ৰেক জ্যামিতি, সেঁতু, চিগনেলিং আৰু টেলিকমিউনিকেচন প্ৰণালী, বৈদ্যুতিক আন্তঃগাঁথনি, সুৰক্ষা ব্যৱস্থা আৰু নৱনিৰ্মিত অংশসমূহত থকা অন্যান্য সম্পৰ্কিত ৰেলৱে সম্পদ পৰিদৰ্শন কৰিব। পৰিদৰ্শনত এই ৰুটত অৱস্থিত ষ্টেচন আৰু ফিল্ড কাৰ্যালয়সমূহৰো বিস্তৃত নিৰীক্ষণ অন্তৰ্ভুক্ত আছে। বিধিসন্মত পৰিদৰ্শনৰ অংশ হিচাপে, নবনিৰ্মিত ডাবল লাইন খণ্ডসমূহৰ পৰিচালনগত সুৰক্ষা, স্থিতিশীলতা আৰু কমিচনিঙৰ প্ৰস্তুতি মূল্যায়নৰ উদ্দেশ্যে গতিবেগপৰীক্ষাচলাই থকা হৈছে।

চিআৰএছবিধিসন্মত পৰিদৰ্শনে এই এই নতুন ডাবল লাইন খণ্ডসমূহৰ কমিচনিঙৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কাটিহাৰ–কুৰেথা আৰু কাটিহাৰ–সোনাইলি দ্বৈত ৰে’লপথ খণ্ডসমূহৰ কাৰ্য সম্পাদনে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ আধুনিকীকৰণ আৰু ক্ষমতা বৃদ্ধিৰ প্ৰয়াসত আৰু এক গুৰুত্বপূৰ্ণ সফলতা চিহ্নিত কৰিব, যি অঞ্চলটোত উন্নত সংযোগ আৰু অধিক ফলপ্ৰসূ ৰে’ল পৰিচালনত অৰিহণা যোগাব।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande