গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণ ডেপুটেচন কাৰ্যসূচী ৰূপায়ন
ধুবুৰী, ১৮ জুন (হি.স.)। গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণ ডেপুটেচন কাৰ্যসূচী ৰূপায়ন কৰা হয় । গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটিৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰা হয় । হাতে হাতে প্লেকাৰ্ড লৈ উত
গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণ ডেপুটেচন কাৰ্যসূচী ৰূপায়ন


ধুবুৰী, ১৮ জুন (হি.স.)। গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণ ডেপুটেচন কাৰ্যসূচী ৰূপায়ন কৰা হয় । গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটিৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰা হয় । হাতে হাতে প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ গঢ়া-খহনীয়াৰ বিজ্ঞান সম্মত স্থায়ী প্ৰতিৰোধৰ দাবীত দক্ষিণপাৰ অঞ্চলৰ হাজাৰ হাজাৰ জনতাই আজি বিভিন্ন শ্লোগানেৰে ধুবুৰী চহৰখনৰ ৰাজপথ কঁপাই তোলে। যোৱা কেইবা দশক ধৰি অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰৰ বিস্তির্ণ অঞ্চল ব্রহ্মপুত্র নদীৰ গঢ়া-খহনীয়াৰ কৱলত পৰি ফকিৰগঞ্জ, ধাপান পাৰা, বচাইমাৰি, সূৰ্যমনি, চতলাৰপাৰ আহি অঞ্চলৰ হাজাৰ হাজাৰ বিঘা উৰ্বৰ কৃষিভূমি, গাঁৱৰ বিভিন্ন শিক্ষা প্রতিষ্ঠান, ব্যবসায় বাণিজ্যিক অনষ্ঠান, বিভিন্ন চৰকাৰী কাৰ্য্যালয় আদি বিপুল জাতীয় সম্পদ বিলিন হৈ গৈছে।

এই অঞ্চলৰ সাৰুৱা কৃষিভূমিত খাদ্য শস্য সহ বিপুল পৰিমাণৰ কৃষি পণ্য উৎপাদনেৰে এটা সময়ৰ আৰ্থিক ভাৱে চহকী কৃষিজীৱি লক্ষ লক্ষ মানুহ আজি নদী-গৰ্ভত মাটি-সম্পতি, ঘৰ-বাৰী সৰ্বস্ব হেৰোৱাই পথৰ ভিখাৰীত পৰিণত হৈছে।

আজিৰ উক্ত প্ৰতিবাদৰ অন্ততত ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু জলসিঞ্চন মন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande