
আইজল, ১৮ জুন (হি.স.): মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনত জোৰাম পিপলছ মুভমেণ্টৰ প্ৰাৰ্থী খিয়াংটে লালটলুয়াংকিমাক বিজয়ী ঘোষণা। বৃহস্পতিবাৰে মিজোৰাম বিধানসভা সচিবালয়ৰ এনেক্স বিল্ডিঙৰ কনফাৰেন্স হলত ভোটদানৰ সামৰণি পৰে।
নিৰ্বাচনত বিধানসভাৰ ৪০ জন সদস্যৰ ভিতৰত ৩৬ জন সদস্যই ভোটদান কৰে। শান্তিপূৰ্ণভাৱে ভোটদান সমাপ্ত হোৱাৰ পিছত ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল।
ফলাফল ঘোষণা কৰি মিজোৰাম বিধানসভাৰ আয়ুক্ত তথা সম্পাদক তথা ৰিটাৰ্নিং অফিচাৰ জোথানছাংগ ৰালটে খিয়াংটে লালটলুয়াংকিমাক ৰাজ্যসভালৈ নিৰ্বাচিত বুলি ঘোষণা কৰে।
এই বিজয়ৰ জৰিয়তে শাসকীয় জেড পি এম দলে ৰাজ্যখনৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ ওপৰত নিজৰ দাবী শক্তিশালী কৰি তুলিছে আৰু সংসদৰ উচ্চ সদনত প্ৰতিনিধিত্ব নিশ্চিত কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া