
গোলাঘাট, ১৮ জুন (হি.স.)। পুনৰ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ মৃত্যু নুমলীগড়ৰ বকিয়াল নপামৰ এজন যুৱকৰ। উত্তৰাখণ্ডত কাম কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দিল্লী সফদৰ জংগ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বকিয়াল নপামৰ গুনিন্দ্ৰ শইকীয়া নামৰ যুৱকজনৰ।
ঘৰ খনৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ বহিঃৰাজ্যত মৃত্যু হোৱাত অসহায় হৈ পৰিছে পিতৃ-মাতৃ। দুৰ্ভগীয়া পিতৃ-মাতৃয়ে দিল্লী সফদৰ জংগ হস্পিতালৰ পৰা পুত্ৰৰ নশ্বৰ দেহ আনিবলৈ অসমৰ্থ। মুখ্যমন্ত্ৰী সহ স্থানীয় বিধায়ক গৰাকীলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালে পুত্ৰৰ নশ্বৰদেহটো আনি দিবলৈ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ