
শিৱসাগৰ, ১৮ জুন (হি.স.)। শিৱসাগৰ ৰংঘৰ বাকৰিত ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস । আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় আয়ুস অভিযান, অসম আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু শিৱসাগৰ আয়ুস কাৰ্য্যালয়ৰ সহযোগত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । চাৰিটা শাখাত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা । প্ৰতিযোগিতাত বঁটা বিজয়ী সকলক ২১ জুনত অনুষ্ঠিত যোগ দিৱসত পুৰস্কৃত কৰা হব ।শিৱসাগৰ ৰংঘৰ বাকৰিত ২১ জুনত বহল ভিত্তিত অনুষ্ঠিত কৰা হ'ব আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস। এহেজাৰতকৈও অধিক ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত যোগ দিৱসত অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ