শ্ৰীভূমিৰ পাথাৰকান্দিত আৰক্ষীৰ অভিযানত ৪৮ হাজাৰ টা য়াবা টেবলেট জব্দ,তিনিজনক গ্ৰেপ্তাৰ
শ্ৰীভূমি, ১৮ জুন (হি.স.)। শ্ৰীভূমিৰ পাথাৰকান্দিৰ শ্বেৰপুৰত আৰক্ষীৰ বৃহৎ সফলতা। বিপুল পৰিমাণৰ য়াবা টেবলেট সহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে পাথাৰকান্দি আৰক্ষীয়ে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে পাথাৰকান্দি থানাৰ ইন্সপেক্টৰ-অ’চি মানসজ্যোতি বড়ো আৰু এ
শ্ৰীভূমিৰ পাথাৰকান্দিত আৰক্ষীৰ অভিযানত ৪৮ হাজাৰ টা য়াবা টেবলেট জব্দ,তিনিজনক গ্ৰেপ্তাৰ


শ্ৰীভূমি, ১৮ জুন (হি.স.)। শ্ৰীভূমিৰ পাথাৰকান্দিৰ শ্বেৰপুৰত আৰক্ষীৰ বৃহৎ সফলতা। বিপুল পৰিমাণৰ য়াবা টেবলেট সহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে পাথাৰকান্দি আৰক্ষীয়ে।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে পাথাৰকান্দি থানাৰ ইন্সপেক্টৰ-অ’চি মানসজ্যোতি বড়ো আৰু এছআই হীৰকজ্যোতি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চেৰাগী অঞ্চলৰ শ্বেৰপুৰ গাঁৱত অভিযান চলায়।

অভিযানত আব্দুল কাদিৰ নামৰ এজন লোকৰ বাসগৃহৰ চিলিঙত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয় মুঠ ৪৮ হাজাৰ টা য়াবা টেবলেট। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাস্থলীত উপস্থিত আছিল ৰাতাবাৰী গুলালকান্দি গাঁৱৰ দুই যুৱক জহিৰুল ইছলাম আৰু গুলজান হুছেইন। সন্দেহ কৰা হৈছে যে দুয়োজনে য়াবা সংগ্ৰহ কৰিবলৈ তাত উপস্থিত হৈছিল। তালাচীৰ সময়ত এটা বগা বাল্টিৰ ভিতৰত লুকুৱাই ৰখা বিভিন্ন পুটলিৰ পৰা বৃহৎ পৰিমাণৰ য়াবা জব্দ কৰাৰ লগতে নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ বাবে ব্যৱহাৰ কৰা ২৪০টা প্লাষ্টিকৰ চুঙাত উদ্ধাৰ কৰে আৰক্ষীয়ে।

জব্দকৃত য়াবাৰ কলা বজাৰৰ মূল্য প্ৰায় দুই কোটি টকা বুলি অনুমান কৰা হৈছে।

ঘটনাৰ সৈতে জড়িত তিনিওজন অভিযুক্তৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আদালতত হাজিৰ কৰোৱাৰ পিছত তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।

ইফালে, ধৃত সকলৰ পৰা এটা আইফোন, এটা ভিভো এণ্ড্ৰইড মোবাইল আৰু এটা মটৰ’লা কীপেড ফোনো জব্দ কৰা হৈছে। ঘটনাটোৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি, সেই দিশতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

পাথাৰকান্দি মহকুমাৰ আৰক্ষী অধীক্ষক অৰ্ণিবান শৰ্মাই কয়, অঞ্চলত নেশাবিৰোধী অভিযান আগন্তুক দিনতো অব্যাহত থাকিব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande