গহপুৰত বন্যহস্তীৰ উপদ্ৰৱত বন বিভাগৰ বিৰুদ্ধে খং আৰু ক্ষোভ প্ৰকাশ কৃষকৰ
বিশ্বনাথ, ১৮ জুন (হি.স.)। গাঁঠিৰ ধন ভাঙি কষ্টেৰে কৰা বড়ো ধানৰ খেতিত বন্যহস্তীৰ উপদ্ৰৱ দেখি বন বিভাগৰ বিৰুদ্ধে খং আৰু ক্ষোভত ফাটি পৰিল কৃষক । গহপুৰ বৰদলনি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱৰ ফলত দৰিদ্ৰ কৃষক দিশহাৰা হৈ পৰিছে । দীৰ্ঘ দিন ধৰি গহপুৰৰ সম্পূৰ্ন দক্
গহপুৰত বন্যহস্তীৰ উপদ্ৰৱত বন বিভাগৰ বিৰুদ্ধে খং আৰু ক্ষোভ প্ৰকাশ কৃষকৰ


বিশ্বনাথ, ১৮ জুন (হি.স.)। গাঁঠিৰ ধন ভাঙি কষ্টেৰে কৰা বড়ো ধানৰ খেতিত বন্যহস্তীৰ উপদ্ৰৱ দেখি বন বিভাগৰ বিৰুদ্ধে খং আৰু ক্ষোভত ফাটি পৰিল কৃষক । গহপুৰ বৰদলনি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱৰ ফলত দৰিদ্ৰ কৃষক দিশহাৰা হৈ পৰিছে । দীৰ্ঘ দিন ধৰি গহপুৰৰ সম্পূৰ্ন দক্ষিণ অঞ্চলত বন্যহস্তীয়ে কেতিয়াবা কাৰোবাৰ ঘৰ ভাঙে,কেতিয়াবা খেতি পথাৰ অনিষ্ট কৰে । বহু খিনি উপদ্ৰৱ চলাই আহিছে বন্যহস্তীয়ে ।

কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে এতিয়া দৰিদ্ৰ ৰাইজক শান্তিত শুব দিয়া নাই । পথাৰত বড়ো ধান অনিষ্ট কৰাৰ ফলত শোকত ভাগি পৰিছে বৰদলনি অঞ্চলৰ কৃষক ৰাইজ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande