ৱেলকাম টু দ্য জংগলৰ নতুন গীত দীৱানে হেয় মুক্তি
অভিনেতা অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি ৱেলকাম টু দ্য জংগলৰ পৰা মুক্তি লাভ কৰিছে এটি নতুন গীত দীৱানে হেয়। ছবিখনৰ অন্যতম বৈশিষ্ট্যপূৰ্ণ ট্ৰেক এই গীতটোত সমগ্ৰ তাৰকা অভিনেতাক একেলগে উৎসৱমুখৰ আৰু মজাৰ পৰিৱেশত দেখা গৈছে। গীতটো মুক্তি পোৱাৰ লগে লগে
वेलकम टू द जंगल - फोटो सोर्स एक्स


অভিনেতা অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি ৱেলকাম টু দ্য জংগলৰ পৰা মুক্তি লাভ কৰিছে এটি নতুন গীত দীৱানে হেয়। ছবিখনৰ অন্যতম বৈশিষ্ট্যপূৰ্ণ ট্ৰেক এই গীতটোত সমগ্ৰ তাৰকা অভিনেতাক একেলগে উৎসৱমুখৰ আৰু মজাৰ পৰিৱেশত দেখা গৈছে। গীতটো মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত চৰ্চা চলিছিল।

গীতটোৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল অক্ষয় কুমাৰ আৰু অভিনেত্ৰী ৰবীনা টণ্ডনক বহুদিনৰ মূৰত পৰ্দাত পুনৰ একত্ৰিত কৰা। তেওঁলোকে একেলগে নাচি থকা আৰু উদযাপন কৰা চোৱাটো দৰ্শকৰ বাবে আছিল এক নষ্টালজিক মুহূৰ্ত। ২০০৪ চনৰ পুলিচ ফৰ্চ: এণ ইনছাইড ষ্ট'ৰী ছবিখনত শেষবাৰৰ বাবে দুয়োজনে একেলগে অভিনয় কৰিছিল।

দীৱানে হায় গীতটি কণ্ঠদান কৰিছে অমৰুতা ফদনবীছ আৰু আনন্দ ৰাজ আনন্দে। বিক্ৰম নাগীয়ে সংগীত ৰচনা কৰিছিল, আনন্দ ৰাজ আনন্দই গীতৰ কথা আৰু ৰচনা লিখিছিল। এই গীতটিয়ে নিজৰ উজ্জ্বল সুৰ আৰু উৎসৱমুখৰ পৰিৱেশেৰে দৰ্শকক নৃত্য কৰি তুলিছে। আহমেদ খানৰ দ্বাৰা পৰিচালিত এই বহু অভিনেতা ছবিখন অহা ২৬ জুনত চিনেমাগৃহত মুক্তি পাব। চিনেমাখনত সুনীল শ্বেট্টী, দিশা পাটানি, আৰছাদ ৱাৰ্চীকে ধৰি কেইবাগৰাকীও ডাঙৰ তাৰকাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande